ড্ৰাগছ সৰৱৰাহকাৰীৰ মূৰৰ কামোৰণি কাৰ্বি আংলং আৰক্ষী

এটা দিনতেই এক কেজিৰো অধিক হেৰইনসহ আটক কে'বাজনো

1106253f 5656 4418 86f3 c164a29a05d1 1

অসমৰ প্ৰতিবেশী ৰাজ্য মণিপুৰ আৰু নগালেণ্ডৰ সুদীৰ্ঘ পথ অনায়সে অতিক্ৰম কৰাৰ পাছতো অসমৰ সীমান্ত কাৰ্বি আংলংত প্ৰৱেশ কৰাৰ লগে লগে অসম আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰৱৰাহকাৰী ৷

বিশেষকৈ বিগত সময়ছোৱাত কাৰ্বি আংলং আৰক্ষীয়ে ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এনে ড্ৰাগছ সৰৱৰাহকাৰীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ৷

কাৰ্বি আংলংৰ খটখটী,বৰপথাৰ আৰু ডিলাই আৰক্ষীয়ে যোৱা বাৰ ঘণ্টাত এক কেজিৰো অধিক হেৰইন জব্দ কৰাৰ লগতে আটক কৰিছে কেবাজনো সৰৱৰাহকাৰীক ৷

আঠ অক্টোবৰৰ মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এম.এন ০৬-বি-১৩৯১ নম্বৰৰ এখন বাছত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত লাহৰীজান পহৰাচকীৰ আৰক্ষীয়ে তালাচী চলাই ২৭ টা চাবোনৰ বাকচত ভৰাই অনা ৩৪০ গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰাৰ লগতে আটক কৰে মণিপুৰৰ বিষ্ণুপুৰৰ আজাদ খান নামৰ সৰৱৰাহকাৰী জনক ৷

আনহাতে আজি এক খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ কে’বাঠাইত তালাচীৰ ব্যৱস্থা কৰে ৷ তালাচীৰ সময়তে এখন ব্ৰীজা গাড়ী খটখটী আৰক্ষীৰ বেহু ভেদ কৰি তীব্ৰ বেগেৰে পলায়ন কৰে ৷

পৰৱৰ্তী সময়ত বৰপথাৰ আৰক্ষীয়ে চিলনীজান অঞ্চলৰ পৰা গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গাড়ীখনত তালাচী চলাই গাড়ীৰ দুৱাৰত কৌশলেৰে সোমোৱাই অনা ৬৯৮ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে আটক কৰে দুই সৰৱৰাহকাৰীক ৷

ধৃত সৰৱৰাহকাৰী দুটা হ’ল মণিপুৰ সেনাপতি জিলাৰ বিকাশ থাপা আৰু আমন দুলহাল ৷ উল্লেখযোগ্য যে উপৰ্যুপৰি কাৰ্বি আংলং আৰক্ষীয়ে মণিপুৰৰ পৰা সৰৱৰাহ হৈ থকা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সফল হৈ আহিছে যদিও ড্ৰাগছ সৰৱৰাহকাৰীয়ে সলনি কৰি আহিছে ড্ৰাগছ সৰৱৰাহৰ কৌশল ৷

Exit mobile version