Manmohan Singh : ডেংগীত আক্রান্ত প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং, স্বাস্থ্যৰ উন্নতি ঘটিছে জনালে এইমছ-এ

vbk manmohan singh pti

ডেংগীত আক্রান্ত প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং । দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ (এইমছ)-ৰ তৰফৰ পৰা শনিবাৰে এই কথা জনাইছে । লগতে জনায় যে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অৱস্থাৰ উন্নতি হৈছে । জ্বৰ হোৱাৰ পাছত দুর্বল বোধ কৰাত বুধবাৰে সন্ধিয়া ৮৯ বছৰীয়া কংগ্রেছ নেতাজনক এইমছ-ত ভর্তি কৰোৱা হয় ।

শনিবাৰে এইমৰ-ৰ এজন কৰ্মচাৰীয়ে কয়, ‘‘প্ৰাক্তন প্ৰধানমন্ত্ৰী সিং ডেংগীত আক্রান্ত হৈছে । তেওঁৰ তেজৰ অণুচক্রিকাৰ সংখ্যা আগতকৈ বৃদ্ধি পাইছে । তেওঁৰ শাৰীৰিক অৱস্থাৰ উন্নতি হৈছে ।’’এইমছ-ৰ কার্ডিঅ’-নিউৰ’ চেণ্টাৰত হৃদৰোগ বিশেষজ্ঞসকলৰ অধীনত চিকিৎসা চলিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ।

হাস্পাতালত ভর্তি প্রাক্তন প্রধানমন্ত্রী সিঙৰ স্বাস্থ্য়ৰ বুজ লয় কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মণ্ডবীয়ই । টুইট কৰি প্রাক্তন প্রধানমন্ত্রীৰ সুস্থতা কামনা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও । কংগ্রেছ নেতা তথা ৰাজ্যসভাৰ সদস্য সিং কিছুদিন পূৰ্বে কৰ’নাত আক্রান্ত হৈ এইমছত ভর্তি হৈছিল ।

Exit mobile version