কলডিল বা কলফুল খালে উপকাৰ পােৱা যায়। আগতে প্ৰায়ভাগ লােকেই দৈনন্দিন খাদ্য তালিকাত কলডিল অন্তর্ভুক্ত কৰিছিল। সেইবাবে মহিলাসকলে বহুতাে ৰােগৰ পৰা সহজেই উপশম লাভ কৰিছিল।
বিশেষকৈ এনিমিয়া বা ৰক্তাল্পতাৰ পৰা হাত সাৰিবলৈ কলডিল খায়। বহুতে কল খায় বাবে কলডিল খােৱাৰ ইচ্ছা নকৰে। পিছে কল কেতিয়াও কলডিলৰ পৰিপূৰক হ’ব নােৱাৰে। কাৰণ কলৰ তুলনাত কলডিলত প্ৰচুৰ পৰিমাণে ভিটামিন, আয়ৰণ, ফছফৰাছ পােৱা যায়।
★ কলডিল নিয়মীয়াকৈ খালে মন ভালে থাকে। যেতিয়া কলডিল খােৱা হয় তেতিয়া মনটো ভালে ৰাখিবলৈ যিবােৰ উপাদানৰ প্রয়ােজন সেইবােৰ পােৱা যায়।
★যিসকল লােকে ডায়েবেটিছত আক্রান্ত তেওঁলােকে যদিহে কলডিল খায় তেতিয়া তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্রিত হয়। সেইবাবে এইবিধ ৰােগ-প্রতিৰােধৰ বাবে নিয়মীয়াকৈ খাদ্য তালিকাত কলডিল ৰাখিব লাগে।
★ বহুতাে মহিলাৰ জীৱন-যাপনৰ সমস্যাৰ বাবে পলিছিষ্টিক অ’ভাৰিয়ান ছিদ্ভু’মত ভােগে। পিছে প্রায়ভাগ মহিলাই জ্ঞাত যে এনে সমস্যা প্ৰতিৰােধ কৰিব পাৰে কলডিলে। খাদ্য তালিকাত সেইবাবে কলডিল অন্তর্ভুক্ত কৰা উচিত।
★কলডিলত ফেনােলিক এচিড, টেনিনৰ দৰে কিছুমান উপাদান পােৱা যায় যিবােৰে কৰ্কট ৰােগ আদি প্ৰতিৰােধ কৰে।
★ই হ’ল এলকেলাইন খাদ্য। পাকস্থলীৰ এচিড ক্ষৰণত নিউট্রেলাইজ কৰে।
★কলডিলত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। যিসকলে নিয়মীয়াকৈ কলডিল খায় তেওঁলােকৰ ৰক্ত সঞ্চালন স্বাভাৱিক হয় আৰু মস্তিষ্কলৈ অক্সিজেন সৰবৰাহত সহায় কৰে।
★হৃদস্পন্দন স্বাভাৱিক কৰি ৰখাত সহায় কৰে।