Rumeysa Gelgi:বিশ্বৰ সবাতোকৈ ওখ মহিলা !গিনিছ বুকত নাম লিখিলে তুৰস্কৰ ৰুমেশা গেলগি

1634543235 new project 2021 10 18t124852 501

যিসকলে ডাব্লিউডাব্লিউই চাইছে ,৭.১ফুট (সাত ফুট ১০ ইঞ্চি)উচ্চতাৰ ‘দ্য গ্ৰেট খালি’ ৰ কথা নিশ্চয় মনত আছে । খালিৰ সমান উচ্চতাৰ এগৰাকী মহিলা পোৱা গৈছিল তুৰ্কীত। নাম ৰুমেশা গেলগি।

বিশ্বৰ আটাইতকৈ ওখ মহিলা হোৱাৰ বাবে, কেইদিনমান আগতে, গিনিছ বুকত নাম উঠিল ৰুমেশাৰ । ৰুমেশা উচ্চতা সাত ফুট ০.৭ ইঞ্চি ।

অৰ্থাৎ প্ৰায় ২১৫.৬ ছেন্টিমিতাৰ।২০১৪ চনত ৰুমেশাৰ বয়স যেতিয়া ১৮,তেতিয়াই বিশ্বৰ ওখ মহিলা হিচাপে গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত তেওঁৰ নাম উঠিছিল ।

জন্মৰ পৰাই ‘উইভাৰ ছিন্ড্রোম’ত আক্ৰান্ত ৰুমেশা’ উইভাৰ ছিণ্ড্ৰোম ‘হৈছে এক বিৰল জিন ৰোগ যাৰ ফলত ৰোগীৰ অস্বাভাৱিক হাৰ দ্ৰুতগতিত বৃদ্ধি হয়।

অধিক ওখ হোৱাৰ বাবে ৰুমেশাৰ খোজ কাঢ়িবলৈ অসুবিধা হয়। সেই বাবে তেওঁ হুইলচেয়াৰ ব্যৱহাৰ কৰে। কেতিয়াবা তেওঁ ৱাকাৰৰ ওপৰত খোজ কাঢ়িবলৈও চেষ্টা কৰে।

তেওঁ কয়, “সকলো ধৰণৰ সমস্যাকে সুযোগত পৰিণত কৰিব পাৰি। কিন্তু তাৰ বাবে তেওঁ বৰ্তমানৰ অৱস্থা স্বীকাৰ কৰিব লাগিব। আপুনি নিজে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে সেইটো জনাটোও গুৰুত্বপূৰ্ণ। ”

Exit mobile version