কিছু দিনৰ আগতেই বজাৰত উপলব্ধ হৈছে এ’পল আইফোন ১৩ এইবাৰ সেই মোবাইল পৰিস্কাৰ কৰাৰ ‘কিট’ লৈ আহিছে আমেৰিকান বহুজাতিক প্ৰযুক্তি কোম্পানীটোৱে ।
‘কিট’ হৈছে কাপোৰৰ এটা টুকুৰা। আন কাপোৰৰ স’তে ইয়াৰ মৌলিক পাৰ্থক্য কি এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু সেই কাপোৰৰ এটা কোণত থকা এ’পলৰ লোগোটোৱে ইয়াক বহুতৰ বাবে আকৰ্ষণ কৰি তুলিছে।
একেদৰে, এনে ধৰণৰ যিকোনো মাইক্ৰ’ফাইবাৰ কাপোৰৰ মূল্য বজাৰত প্ৰতি টুকুৰাত ১.৫ ডলাৰ হঠাৎ ১১০ টকা । কিন্তু এ’পলে তৈয়াৰ কৰা কাপোৰখন আমেৰিকাৰ বজাৰত ১৯ ডলাৰত বিক্ৰী কৰা হ’ব। ভাৰতত ইয়াৰ মূল্য হ’ব পাৰে ১৯০০ টকা ।
এ’পলে তৰফৰ পৰা জনাইছে, “আইফোন, আইপেড, মেকবুক -যিকোনো এ’পলৰ ডিভাইচ পৰিষ্কাৰ কৰাৰ বাবে এই কাপোৰ ব্যৱহাৰ কৰিব পাৰিব।’ এ’পলৰ কাপোৰ বজাৰলৈ অহাৰ লগে লগে ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে গ্ৰাহকে ।
যোৱা কেইদিনমানত ই ইমান বিক্ৰী হৈছে যে যোগানৰ ক্ষেত্ৰতো অভাৱ আছে। সেয়ে ডেলিভাৰী দিবলৈ তিনি চাৰি সপ্তাহ পলম হ’ব বুলিও জনাইছে কোম্পানীটোৱে।