Aryan Khan : দীঘলীয়া হ’ব পাৰে শ্বাহৰুখৰ পুত্ৰ আৰিয়ানৰ কাৰাগাৰৰ যাত্ৰা

PTI10 08 2021 000066B 0 1634276558721 1634276577799

শ্বাহৰুখৰ পুত্ৰ আৰিয়ানৰ কাৰাবাস দীঘলীয়া হোৱাৰ পথত। বুধবাৰে নিম্ন আদালতত জামিনৰ আবেদন নাকচ হোৱাৰ পাছত বৃহস্পতিবাৰে ৰাতিপুৱা আৰিয়াৰ অধিবক্তা বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপে।

বোম্বাই উচ্চ ন্যায়ালয়ে জনাইছে যে, আৰিয়ানৰ জামিন গোচৰৰ শুনানি ২৬ অক্টোবৰ, মঙলবাৰে হ’ব। ফলস্বৰূপে, এয়া স্পষ্ট যে কাৰাগাৰত পিতৃ শ্বাহৰুখৰ স’তে লগ হ’লেও ঘৰলৈ ঘূৰি যাবলৈ পলম আছে আৰিয়ানৰ।

সূত্ৰসমূহে কয় যে, শ্বাহৰুখৰ পুত্ৰৰ অধিবক্তা সতীশ মানশিন্দে বৃহস্পতিবাৰে ৰাতিপুৱা বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিতিন চম্ব্ৰেৰ বিচাৰপীঠত বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।

ন্যায়াধীশ চম্ব্ৰই তেতিয়া জনায় যে ,তিনি অক্টোবৰৰ পৰা মাদক নিয়ন্ত্ৰণ সংস্থাৰ দ্বাৰা দাখিল কৰা গোচৰত জিম্মাত থকা আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি ২৬ অক্টোবৰ, মঙলবাৰে হ’ব।

জামিনৰ শুনানি একেদিনাই অনুষ্ঠিত হ’ব আৰু ড্ৰাগছ গোচৰৰ আন এজন অভিযুক্ত মুনমুন ধামেচাৰৰ শুনানিও লাব। বোম্বাই উচ্চ ন্যায়ালয়ে মাদক কণ্ট্ৰোল ব্যুৰোক অহা সোমবাৰৰ ভিতৰত এই সন্দৰ্ভত এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

আৰিয়ান খানৰ স’তে প্ৰমোদাতাৰীত ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা আঠজন ব্যক্তিৰ জামিন আবেদন বুধবাৰে মুম্বাইৰ এখন বিশেষ এনডিপিএছ আদালতত খাৰিজ কৰা হৈছিল।

আদালতৰ আগত, চৰকাৰী পক্ষৰ অধিবক্তাসকলে কয় যে, পোনপটীয়াকৈ মাদক গ্ৰহণ বা আৰিয়ানৰ পৰা মাদক দ্ৰব্য উদ্ধাৰ হোৱা নাছিল যদিও, তেওঁৰ বন্ধু আৰবাজ মাৰ্চেণ্টৰ ওচৰত ড্ৰাগ পোৱা গৈছিল আৰু আৰবাজৰ ওচৰত যে মাদক আছে, সেয়া আৰিয়ানে ভালদৰে জানিছিল ।

যিটো জ্ঞাতভাৱে ড্ৰাগৰ অপব্যৱহাৰ বা ‘কনছাছ পজেচন’ৰ দৰে । ইয়াৰ পাছতে বিশেষ এনডিপিএছ আদালতে আৰিয়ানৰ জামিন আবেদন নাকচ কৰিছে।

শ্বাহৰুখৰ পুত্ৰ আৰিয়ানৰ অধিবক্তা সতীশ মানশিন্দে নিম্ন আদালতত তেওঁৰ জামিনৰ আবেদন খাৰিজ হোৱাৰ পাছত বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

Exit mobile version