Donald Trump : ফেচবুক-টুইটাৰত নিষিদ্ধ ট্ৰাম্পে মুকলি কৰিব নিজা এপ ‘ট্ৰুথ ছ’চিয়েল’

GettyImages 1327493808

বিদ্বেষমূলক মন্তব্য আৰু হিংসা বিয়পোৱাৰ অভিযোগত একাধিক সামাজিক মাধ্যমে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক নিষিদ্ধ কৰিছিল । ফেচবুক, টুইটাৰ আদিত নিষিদ্ধ হোৱাৰ পাছত এইবাৰ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আৰম্ভ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিজন । কালি এই কথা নিজে ঘোষণা কৰিলে ট্ৰাম্পে ।

প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিৰ ঘোষণা অনুসৰি, অহা মাহত আমন্ত্ৰিত সদস্যক লৈ মুকলি কৰা হ’ব এক নতুন সামাজিক মাধ্যমৰ আৰু ইয়াৰ নাম ৰখা হৈছে ‘ট্ৰুথ ছ’চিয়েল’ । এই সামাজিক প্লেটফৰ্মত চাহিদা অনুসৰি ভিডিঅ’ ষ্ট্ৰিমিঙো কৰিব পাৰিব । অৱশ্যে বিনামূল্যে নহ’ব, ইয়াৰ বাবদ ব্যয় কৰিব লাগিব নিৰ্দিষ্ট পৰিনাণৰ ধন । এই নতুন সামাজিক মাধ্যমত বিনোদনমূলক অনুষ্ঠানো পৰিৱেশন কৰা হ’ব ।

ট্ৰুথ ছ’চিয়েলৰ মালিকানা থাকিব ট্ৰাম্প মিডিয়া এণ্ড টেকন’লজি গ্ৰুপৰ হাতত । এই কথা ঘোষণা কৰি ট্ৰাম্পে কালি কয়, ‘নতুন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম আহি আছে টেক জয়েণ্টৰ একছত্ৰী অধিকাৰক প্ৰত্যাহ্বান জনাবলৈ । এই মঞ্চ হ’ব নিৰপেক্ষ । সকলোৱে নিজৰ মতামত ট্ৰুথ ছ’চিয়েলত প্ৰকাশ কৰিব পাৰিব ।’

Exit mobile version