Ananya Panday : মাদক দ্ৰব্যৰ গোচৰত পুনৰ তলব অনন্যাক, গ্রেপ্তাৰৰ জল্পনা

ananya pandey

মাদক দ্ৰব্যৰ গোচৰত সোধ-পোচৰ বাবে পুনৰ বলিউড অভিনেত্রী অনন্যা পাণ্ডেক মাতিলে ৰাষ্ট্ৰীয় মাদক নিয়ন্ত্রক ব্যুৰ’ (এনচিবি)য়ে । মুম্বাইৰ প্রমোদতৰীৰ পৰা মাদক দ্ৰব্য উদ্ধাৰ হোৱা ঘটনাত এই লৈ অভিনেত্রীক তৃতীয়বাৰ তলব কৰা হ’ল । তেওঁক গ্রেপ্তাৰৰ জল্পনাও কৰা হৈছে ।

নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ গোচৰত গ্রেপ্তাৰ আৰিয়ান খানৰ স’তে অভিনেত্রীৰ এটা হোৱাটছ‌এপ্ কথোপকথনৰ সূত্রে বৃহস্পতিবাৰে প্রথম এনচিবি-য়ে মাতে অনন্যাক । ইয়াৰ আগতে অৱশ্যে অনন্যাৰ ঘৰত তালাচী চলাইছিল তদন্তকাৰীসকলে । তাৰ পৰা এটা লেপটপ আৰু দুটা মে’বাইল ফোনো বাজেয়াপ্ত কৰা হয় । পাছত বৃহস্পতিবাৰে অনন্যাক এনচিবি-ৰ দফতৰত দুঘণ্টা জেৰা কৰা হয় । তাৰ পাছল দিনা, শুকুৰবাৰেও অভিনেত্রীক চাৰি ঘণ্টা জেৰা কৰে মাদক দ্ৰব্যৰ গোচৰৰ তদন্তকাৰীসকলে । অনন্যাই যে আৰিয়ানক গাঞ্জাৰ জোগান দিয়াৰ প্রতিশ্রুতি দিছিল সেয়াও প্রকাশ্যত আহে এনচিবি-য়ে লাভ কৰা হোৱাটছ‌এপ্ বার্তাত ।

অনন্যাই যদিও বিষয়টোক ধেমালি বুলি কৈছিল । তেওঁ এইটোও কয় যে গাঞ্জা যে মাদক দ্ৰব্য, তেওঁ সেই বিষয়েও জনা নাছিল । অভিনেত্রীৰ ঘনিষ্ঠমহল সূত্রে খবৰ, মাদক গোচৰত যে তেওঁক পুনৰ মতা হ’ব, সেয়া আগতেই বুজিছিল অনন্যাই । তাৰ বাবে নিজৰ সমস্ত শ্বুটিঙৰ কামো কিছুদিন পিছুৱাই দিছিল । সোমবাৰে অভিনেত্রীৰ শংকা সত্য প্ৰমাণিত হ’ল । অনন্যাক সোমবাৰে পুনৰ মুম্বাইত এনচিবি-ৰ দফতৰত মাতি পঠোৱা হয় ।

অৱশ্যে অভিনেত্রীক কি বিষয়ত জেৰা কৰা হ’ব সেই বিষয়ত একো জানিব পৰা নাই ।

Exit mobile version