Submarine : পুনৰ ছাবমেৰিনৰ তথ্য ফাদিলৰ অভিযোগ, নৌসেনা বিষয়াক গ্রেপ্তাৰ চিবিআই-ৰ

US Navy 040730 N 1234E 002 PCU Virginia SSN 774 returns to the General Dynamics Electric Boat shipyard

নৌবাহিনীৰ ছাবমেৰিন আধুনিকীকৰণ প্রকল্পৰ গুৰুত্বপূর্ণ তথ্যৰ চোৰাং চক্রৰ সন্ধান পাইছে চিবিআই-য়ে । সেই চক্রথ জড়িত থকাৰ অভিযোগত নৌসেনাৰ এজন কর্মৰত আৰু দুজন প্রাক্তন বিষয়াক গ্রেপ্তাৰ কৰা হৈছে ।

চিবিআই সূত্রে খবৰ, নৌবাহিনীৰ ৰুছ ছাবমেৰিনবোৰ আধুনিকীকৰণ প্রকল্পৰ কিছুমান ‘স্পর্শকাতৰ’ নথি চোৰাংবেহাৰ স’তে ধৃতসকল জড়িত । ধৃত কর্মৰত নৌসেনা বিষয়া কমাণ্ডাৰ পর্যায়ৰ বিষয়া । তেওঁক মুম্বাইৰ পৰা গ্রেপ্তাৰ কৰা হৈছে । অন্য দুজনৰ প্রাক্তন নৌ-বিষয়াৰ ভিতৰত আছে এজন অৱসৰপ্রাপ্ত কমাণ্ডাৰ ।

নৌসেনাৰ তৰফৰ পৰাও ইতিমধ্যে তথ্য চোৰাং বেহাৰ অভিযোগৰ ঘটনাৰ তদন্তৰ বাবে এটা কমিটী গঠন কৰা হৈছে । কমিটীৰ নেতৃত্বত আছে ৰিয়াৰ এডমিৰেল পর্যায়ৰ এজন বিষয়া ।

প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, ছাবমেৰিনৰ কার্যকাৰিতা নির্ভৰ কৰে শত্রুৰ দৃষ্টি ফাঁকি দিয়াৰ ক্ষমতাৰ ওপৰত । পানীৰ তলত ছাবমেৰিন কোন কম্পনাংকত কিমান শব্দ কৰিছে, কোন তৰংগ দৈর্ঘ্যত তথ্য আদানপ্রদান কৰিছে, সেয়া জানিব পাৰিলে ছাবমেৰিনক চিহ্নিত কৰি ধ্বংস কৰাৰ সুযোগ পায় শত্রুৱে ।

ৰাছিয়াৰ পৰা ক্ৰয় কৰা ভাৰতীয় নৌসেনাৰ ছাবমেৰিনবোৰৰ কি কি তথ্য ফাদিল হৈছে, সেই বিষয়ত এতিয়াও একো জানিব পৰা নাই । উল্লেখ্য, কিছু বছৰ আগতে ফ্রান্সৰ পৰা কিনা স্কৰপেন গোত্রৰ ছটা ছাবমেৰিনৰ ক্ষেত্রতো নৌবাহিনীৰ ‘ৱাৰ ৰুম’ৰ পৰা ‘স্পর্শকাতৰ তথ্য’ চোৰাং বেহাৰ অভিযোগ উত্থাপিত হৈছিল ।

Exit mobile version