সামৰিক অভ্যুত্থানৰ শংকাত ভুগিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে

Imran Khan 1

পাকিস্তানৰ সংবাদ মাধ্যমত সম্প্ৰতি সেনা আৰু ইমৰান খানৰ চৰকাৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ কেতবোৰ বাতৰি প্ৰচাৰিত হৈছে । পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী নিযুক্তিক লৈ সেনা প্ৰধান জেনেৰেল কমৰ বাজৱা আৰু প্ৰধানমন্ত্ৰী ইমৰান খানৰ মাজত দীৰ্ঘ সময় ধৰি মতানৈক্য অব্যাহত আছে । টেলিভিছনৰ এক সাক্ষাৎকাৰত অলপতে ইমৰানে অভিযোগ কৰি কৈছিল যে বিৰোধীয়ে তেওঁক ক্ষমতাৰ পৰা অপসাৰণ কৰিবলৈ নানা কূট-কৌশল অৱলম্বন কৰাৰ লগতে শেহতীয়াভাৱে এই কামৰ বাবে সেনাকো বিৰোধীয়ে ব্লেকমেইল কৰিছে ।

পাক প্রধানমন্ত্রীৰ এই অভিযোগৰ পাছত সেনাৰ স’তে ইমৰানৰ সংঘাতৰ কথা প্ৰকাশ্য হৈছে । পাকিস্তানৰ একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি, ইমৰানে পাকিস্তানত পুনৰ সামৰিক অভ্যুত্থান ঘটিব বুলি শংকা প্ৰকাশ কৰিছে । বিৰোধীৰ ষড়যন্ত্ৰৰ পৰিণতিত সেনাই প্ৰধানমন্ত্ৰী পদৰ পৰা অপসৰণ কৰিব বুলি ইমৰানে শংকিত হৈছে ।

উল্লেখ্য যে পাকিস্তানৰ ৰাজনীতিত সময়ে‌ সময়ে সেনাই প্ৰধানমন্ত্ৰীক ক্ষমতাচ্যুত কৰি দেশৰ শাসনভাৰ নিজে গ্ৰহণ কৰি আহিছে । ১৯৯০ত তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক গ্ৰেপ্তাৰ কৰি জেনেৰেল পাৰভেজ মুশ্বাৰফে পাকিস্তানৰ ক্ষমতা দখল কৰিছিল যে কিন্তু শেহতীয়াভাৱে সেনাৰ স’তে ইমৰানৰ একাধিক বিষয়ত মতানৈক্য হোৱাৰ ফলত পাক প্ৰধানমন্ত্ৰীয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত হৈছে বুলি দেশখনৰ একাংশ সংবাদ মাধ্যমে দাবী কৰিছে ।

Exit mobile version