মুদ্ৰাস্ফীতিত ৭০বছৰৰ অভিলেখ ভংগ পাকিস্তানত

story image 1635241625

ইমৰান খানৰ শাসনত পাকিস্তান অর্থনৈতিক ব্যৱস্থা দুর্দশাৰ চৰম সীমাত উপনীত হােৱা বুলি দেশখনৰ বিৰােধীয়ে অভিযােগ কৰি আহিছে।

বিৰােধীৰ এই অভিযােগ যে অসত্য নহয় তাৰ প্রমাণ পুনৰ লাভ কৰা হ’ল। মুদ্রাস্ফীতিৰ ক্ষেত্ৰত নতুন পুনৰ নতুন নজিৰ গঢ়িলে পাকিস্তানে।ইমৰানৰ শাসনত পাকিস্তানত মুদ্রাস্ফীতিয়ে ভংগ কৰিলে ৭০ বছৰৰ অভিলেখ।

বর্তমানে দেশখনত সকলাে খাদ্য সামগ্ৰীৰ মূল্য কমেও দুগুণ বৃদ্ধি পাইছে। ঘি, কণী, তেল, ময়দা, চেনি আদিৰ দৰে সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে।

ফেডালে ঝুৰ অৱ ষ্টেটিষ্টিক্সৰ পৰিসংখ্যা অনুসৰি, ২০১৮ অক্টোবৰত পাকিস্তানত প্রতি ইউনিট বিদ্যুতৰ মূল্য আছিল ৪.০৬ টকা আৰু বর্তমানে মূল্য হৈছে ৬.৩৮ টকা। অর্থাৎ তিনি বছৰত ৫৭ শতাংশ বিদ্যুৎ মাচুল বৃদ্ধি পালে।

ইফালে দেশখনৰ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫১ শতাংশ বৃদ্ধি পাই ২,৩২২ টকা হৈছেগৈ। পেট্রলৰ মূল্য প্রতি লিটাৰত বর্তমানে ১৩৮.৭৩ টকা হৈছে।

তিনি বছৰত ঘিউৰ মূল্যৰ ১০৮ শতাংশ বৃদ্ধিৰে ৩৫৬ টকা, চেনিৰ মূল্য ৮৩ শতাংশ বৃদ্ধিৰে কিলোত ১০০ টকা হৈছে। ময়দাৰ মূল্য প্রতিকিলােত ২০ টকা বৃদ্ধি পাইছে।

চিনা বাদামৰ মূল্য ১৬২ টকা, মচুৰ দাইলৰ মূল্য ১৮০ টকা, গাে-মাংসৰ মূল্য ৪৮ শতাংশ, ছাগলীৰ মাংস ৪৩ শতাংশ বৃদ্ধি পাইছে।

Exit mobile version