North Korea : অদ্ভুত দাবী কিম জং উনৰ ! ২০২৫ পর্যন্ত কম খোৱাৰ নির্দেশ জনগণক

111867849 mediaitem111867848

উত্তৰ কোৰিয়াৰ (North Korea) নেতা কিম জং উনে (Kim Jong Un) জনগণক দেশৰ বর্তমান খাদ্য সংকটৰ বাবে কম খোৱাৰ নির্দেশ দিছে । এই সংকট ২০২৫ পর্যন্ত অব্য়াহত থকাৰ সম্ভাৱনা আছে ।

কিমে (Kim Jong Un) খাদ্য সৰবৰাহৰ নাটনিৰ বাবে এটা “বিচ্যুতিৰ ছিৰিজ” ক দোষাৰোপ কৰি কয়, “সম্প্ৰতি মানুহৰ খাদ্য পৰিস্থিতি কঠিন হৈ উঠিছে, কাৰণ কৃষি ক্ষেত্রই তাৰ শস্য উৎপাদন পৰিকল্পনা পূৰণ কৰাত ব্যর্থ হৈছে ।”

চলিত বৰ্ষৰ জুনত, কিমে (Kim Jong Un) কর্মচাৰীসকলক কৃষি উৎপাদন বৃদ্ধি কৰাৰ উপায় বিচাৰি উলিওৱাৰ আহ্বান জনাইছিল । ৰেডিঅ’ ফ্রী এছিয়াৰ (RFA) মাধ্যমত জানিব পৰা গৈছে যে, “দুসপ্তাহ আগতে, তেওঁলোকে প্রতিবেশী ৱাচ ইউনিটৰ সভাত কৈছিল যে তেওঁলোকৰ খাদ্যৰ জৰুৰী অৱস্থা ২০২৫ পর্যন্ত অব্যাহত থাকিব ।”

২০২০ত ক’ভিড-১৯ সংক্রমণ ৰোধ কৰিবলৈ চীনৰ (China) স’তে উত্তৰ কোৰিয়াৰ (North Korea) সীমান্ত বন্ধ কৰাৰ ফলত খাদ্য সংকটে দেখা দিছে । সীমান্ত বন্ধ কৰাৰ ফলত উত্তৰ কোৰিয়াৰ (North Korea) অর্থনীতি আৰু হ্রাস পাইছে, যাৰ ফলত চীনৰ স’তে বাণিজ্য বন্ধ হৈ গৈছে । যোৱা গ্রীষ্মত টাইফুন আৰু বানে উত্তৰ কোৰিয়াৰ (North Korea) শস্য নষ্ট কৰি পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে । চীনৰ (China) স’তে সীমান্ত বন্ধ কৰাৰ বাবে, উত্তৰ কোৰিয়াৰ (North Korea) অর্থনীতিত আঘাত পৰিছে আৰু ইয়াৰ ফলত খাদ্যৰ মূল্য় বৃদ্ধি পাইছে, ফলত অনাহাৰে মানুহৰ মৃত্যু হৈছে ।

২০২৫ৰ আগতে চীন (China) আৰু উত্তৰ কোৰিয়াৰ (North Korea) সীমান্ত খোলাৰ সম্ভাৱনা খুবেই ক্ষীণ । বাসিন্দাসকলে ধাৰণা কৰিছে, সম্প্ৰতি পৰিস্থিতি ইমানেই গুৰুতৰ হৈছে যে তেওঁলোকে আগন্তুক শীতত জীৱিত থাকিব নে নাই সেই লৈ তেওঁলোকৰ সন্দেহ উপজিছে । মে’ত, দক্ষিণ কোৰিয়াৰ (South Korean) চৰকাৰী থিংক টেংক, কোৰিয়া ডেভেলপমেন্ট ইনষ্টিটিউটে (Korea Development Institute), ভৱিষ্যদবাণী কৰিছিল যে উত্তৰ কোৰিয়াই (North Korea) চলিত বৰ্ষত প্রায় এক মিলিয়ন টন খাদ্য সংকটৰ সন্মুখীন হ’ব পাৰে ।

Exit mobile version