পশ্চিম কামৰূপ বন সংমণ্ডলৰ ছাটাবাৰী অঞ্চলৰ বাক্ৰাপাৰাত বিগত কে’বাদিনো ধৰি একাংশ লোকে শীতকালত আগমন হোৱা পক্ষী কুলক অবৈধভাৱে ফান্দ পাতি নিধন কৰি আছিল । বিগত দিনবোৰৰ দৰে আজিও সেই দলটোৱে বাক্ৰাপাৰা অঞ্চলৰ খাল-বিল তথা খেতি পথাৰত ভ্ৰমি থকা “কণা মুচৰী” বগলী চিকাৰ কৰি আছিল । এই বিষয়ে বামুণীগাঁৱৰ ৰেঞ্জাৰ বাপধন মজুমদাৰে জানিব পাৰি বন বিভাগৰ দল এটাক ঘটনাস্থলীলৈ প্ৰেৰণ কৰে ।
অৱশ্যে বন বিভাগৰ লোক যোৱাৰ পূৰ্বে স্থানীয় ৰাইজে চিকাৰী দুজনক আটক কৰি বন কৰ্মীৰ হাতত চমজাই দিয়ে । ইয়াৰ লগতে ঘটনাস্থলীৰ পৰা চিকাৰীয়ে ব্যৱহৃত এ এছ-২৫, বি চি-৪০৬৫ নম্বৰৰ অট’ ভেন এখনৰ লগতে ১১ টা জীৱন্ত বগলী সহিতে কে’বাখনো চৰাই ধৰা ফান্দ জব্দ কৰে । আটক কৰা লোক দুজন ভাউৰাভিঠাৰ ওমৰ আলী আৰু চাম্পুপাৰাৰ চলেমুউদ্দিন আহমেদ বুলি জানিব পৰা গৈছে ।
দীৰ্ঘদিন ধৰি পক্ষী চিকাৰ কৰি আহিছিল ধৃত যুৱক দুজনে । মাংসৰ বাবে এই দুই লোকে এনেদৰে বগলী ধৰি বিক্ৰী কৰিছিল । সম্প্ৰতি বামুণীগাঁৱৰ ৰেঞ্জাৰ বাপধন মজুমদাৰে বগলী চিকাৰী দুজনক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ বিপৰীতে বগলীকেইটা ন্যায়ালয়ৰ অনুমতি সাপেক্ষে জংঘলত এৰি দিব বুলি জনায় ।