Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুনৰ কঁপি উঠিল পাকিস্তান!

    পুনৰ কঁপি উঠিল পাকিস্তান!

    Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

    মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

    Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

    Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

    Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

২০২০ বৰ্ষত দেশত মুঠ আত্মহননকাৰীৰ ২৫ শতাংশই দিন মজুদৰ :এন চি আৰ বিৰ উদ্বেগজনক তথ্য

১০ শতাংশ বৃদ্ধি :ভাৰতত দৈনিক ৪১৮ৰ আত্মহত্যা

publisher by publisher
October 30, 2021
in India, News
Reading Time: 1 min read
0
২০২০ বৰ্ষত দেশত মুঠ আত্মহননকাৰীৰ ২৫ শতাংশই দিন মজুদৰ :এন চি আৰ বিৰ উদ্বেগজনক তথ্য
1
SHARES
9
VIEWS
ShareShareShareShare

আত্মহত্যাৰ উদ্বেগজনক তথ্য প্রকাশ কৰিলে নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ’ (এন চি আৰ বি)ৱে। এন চি আৰ বিৰ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি ১৯৬৭ৰ পাছত ভাৰতত আত্মহননৰ ঘটনা ১০ শতাংশ বৃদ্ধি পালে আৰু আত্মহননৰ পথ বাছি লোৱা সৰহসংখ্যকে হৈছে ছাত্র-ছাত্রী।

আন এক উল্লেখযোগ্য দিশ হৈছে ভাৰতত নাৰীৰ তুলনাত পুৰুষে অধিক আত্মহত্যা কৰি আহিছে। ভাৰতত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ ওপৰত অধিক প্ৰভাৱ পেলাইছে ক’ভিড-১৯ মহামাৰীয়ে। শেহতীয়াকৈ প্রকাশিত ২০২০ বৰ্ষত এন চি আৰ বিৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতত এফালে পথ দুৰ্ঘটনা আৰু এই সংক্রান্ত মৃত্যুৰ ঘটনা হ্রাস পাইছে যদিও আনহাতে আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। যিসকলে আত্মহত্যা কৰিছে তেওঁলোকৰ মাজত শিক্ষার্থী আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ সংখ্যাই সর্বাধিক; কিয়নো এইসকল লোকৰ বহুতে কৰ’না মহামাৰীৰ অতিৰিক্ত হেঁচা বহন কৰিবলৈ ব্যৰ্থ হৈছে।

বার্ষিক দুর্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যাৰ সন্দৰ্ভত তথ্য উল্লেখৰে এন চি আৰ বিয়ে এই প্রতিবেদন যুগুত কৰিছে। জানুৱাৰীৰ পৰা ডিচেম্বৰ পর্যন্ত সামৰি প্ৰস্তুত কৰা প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি দেশত কৰ’নাকালত আত্মহত্যাত মৃত্যুৰ ঘটনা বৃদ্ধি পাইছে। ২০২০ৰ বৰ্ষটোত ভাৰতত মুঠ ১,৫৩,০৫২ জন লোকে আত্মহত্যা কৰিছিল। ১৯৬৭ৰ পাছত দেশত এয়ে সর্বাধিকসংখ্যক লোকে আত্মহত্যা কৰিলে।

২০১৯ বৰ্ষৰ তুলনাত ২০২০ বৰ্ষত ভাৰতত আত্মহননৰ ঘটনা ১০ শতাংশ বৃদ্ধি পালে। প্রতি ১০ লাখ জনসংখ্যাৰ ১১.৩ শতাংশ লোকে ২০২০ বৰ্ষত আত্মহত্যা কৰিছিল। ২০১০ত এই অনুপাত আছিল ১১.৪ শতাংশ। কৰ’নাকালত তলাবন্ধৰ ফলত বহু ক্ষুদ্র ব্যৱসায়ৰ ক্ষতি হৈছে, লাখ লাখ মানুহ কর্মহীন হৈছে। একেদৰে শিক্ষাৰ ক্ষেত্ৰতো এই সময়ছোৱাত যথেষ্ট অনিশ্চয়তা, হতাশা আৰু সমস্যাই দেখা দিছে।

ইয়াৰ পৰিণতিতে ভাৰতত কৰ’না কালত আত্মহননৰ ঘটনা বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে। তলাবন্ধৰ ফলত কিছু হ’লেও আত্মহত্যাৰ সংখ্যা বৃদ্ধি পাইছে। কিয়নো আত্মহত্যাৰ পৰিসংখ্যাত এই কথা স্পষ্ট হৈছে যে ২০২০ বৰ্ষত আত্মহনন কৰা সৰহসংখ্যকে আছিল শিক্ষার্থী আৰু বিভিন্ন ক্ষুদ্র জীৱিকাধাৰী লোক। শিক্ষা মন্ত্রণালয়ৰ এক প্রতিবেদনৰ তথ্য অনুসৰি ভাৰতত দুই কোটি ৯০ লাখ ছাত্ৰ-ছাত্ৰীৰ অনলাইনত শিক্ষা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সা-সুবিধা নাই।

অনলাইনত অধ্যয়নৰ অক্ষমতাৰ কাৰণতো একাধিক শিক্ষার্থীয়ে আত্মহত্যা কৰাৰ তথ্য শিক্ষা মন্ত্রণালয়ে লাভ কৰিছিল। এন চি আৰ বিৰ তথ্যত উল্লেখ কৰা মতে, ভাৰতত প্ৰতি বছৰে সাত-আঠ শতাংশ শিক্ষার্থীয়ে আত্মহত্যা কৰি আহিছে আৰু ২০২০ বৰ্ষত শিক্ষাৰ্থীৰ মাজত দেশত আত্মহননৰ ঘটনা ২১.২ শতাংশ বৃদ্ধি পালে। বিভিন্ন পেছাদাৰী আৰু বেতনভোগী লোকৰ মাজত দেশত আত্মহত্যাৰ সংখ্যা ১৬.৫ শতাংশ আৰু দিন হাজিৰা কৰা শ্ৰমিকৰ আত্মহত্যার ঘটনা ১৫.৭ শতাংশ বৃদ্ধি পাইছে।

২০২০ বৰ্ষত দেশত আত্মহননকাৰীৰ ২৫ শতাংশই দিন মজদুৰ

ADVERTISEMENT

২০২০ বৰ্ষত ভাৰতত আত্মহত্যা কৰা সকলৰ প্ৰায় ২৫ শতাংশই দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা শ্রমিক। নেচনেল ক্রাইম ৰেকৰ্ড ব্যুৰ’ (এন চি আৰ বি)ৰ সূত্ৰই এইদৰে দাবী কৰিছে। ২০১৪ বৰ্ষত দেশত দিন হাজিৰা কৰা লোকৰ আত্মহত্যাৰ হাৰ আছিল ১২ শতাংশৰ সামান্য অধিক। সমাজ বিজ্ঞানীসকলৰ মতে, বিগত সাত বছৰত অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত ভাৰতত শ্রমিকৰ আত্মহননৰ ঘটনা বৃদ্ধি পাইছে।

RelatedPosts

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

এন চি আৰ বিৰ তথ্য অনুসৰি ২০২০ বৰ্ষত ভাৰতত প্ৰায় এক লাখ ৫৩ হেজাৰ লোকে আত্মহত্যা কৰিছিল আৰু ইয়াৰে ৩৭,৬৬ জন আছিল দিন হাজিৰা কৰা শ্রমিক। শতাংশৰ হিচাপত ২৪.৬ শতাংশ শ্রমিকে যোৱা বছৰত আত্মহত্যা কৰিলে। শ্রমিকৰ আত্মহননৰ তালিকাত শীৰ্ষত থকা তামিলনাডুত যোৱা বছৰত ৬৪৯৫ জন শ্রমিকে আত্মহত্যা কৰিছিল।

ইফালে, মধ্য প্রদেশত ৪৯৪৫, মহাৰাষ্ট্ৰত ৪১৭৬, তেলেংগানাত ৩৮৩১ আৰু গুজৰাটত ২,৭৫৪ জন দিন হাজিৰা কৰা শ্রমিকে আত্মহত্যা কৰিছিল। এই প্রতিবেদনত অৱশ্যে এন চি আৰ বিয়ে শ্ৰমিকৰ আত্মহননৰ সঠিক কাৰণ উল্লেখ কৰা নাই। এন চি আৰ বিৰ প্ৰতিবেদনত এই কথাও উল্লেখ কৰিছে যে বেতনভুক্ত ব্যক্তিৰ তুলনাত ক’ভিডৰ প্ৰভাৱ দেশৰ ক্ষুদ্ৰ উদ্যোগীৰ মাজত অধিক পৰিছে।

বিক্ৰেতা আৰু ব্যৱসায়ীৰ মাজত ২০২০ বৰ্ষত আত্মহননৰ ঘটনা ক্রমে ২৬.১ আৰু ৪৯.৯ শতাংশ বৃদ্ধি পালে। আত্মহত্যাকাৰীৰ মাজত দৰিদ্ৰ (৬৯ শতাংশ) আৰু নিবনুৱা (২৪ শতাংশ)ৰ সংখ্যাও বিগত বৰ্ষত বৃদ্ধি পালে। মাদকাসক্ত আৰু অন্যান্য নিচাসক্তৰ মাজত আত্মহত্যাৰ সংখ্যা (১৭ শতাংশ) বৃদ্ধি পাইছে।

অসুস্থ (১৬ শতাংশ) আৰু পাৰিবাৰিক সমস্যাত জৰ্জৰিত ব্যক্তি (১৪ শতাংশ)ৰ মাজতো আত্মঘাতী হোৱাৰ প্ৰৱণতা যোৱা বছৰত যথেষ্ট বাঢ়িলে। এন চি আৰ বিৰ এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২০ বৰ্ষত ভাৰতত দৈনিক গড়ে ৪১৮ জন লোকে আত্মহত্যা কৰিছিল।

আত্মহননৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে মহাৰাষ্ট্ৰ। যোৱা বছৰত মহাৰাষ্ট্ৰত ১৯,৯০৯, তামিলনাড়ুত ১৬,৮৮৩, মধ্য প্রদেশত ১৪,৫৭৮, পশ্চিমবংগত ১৩,১০৩ আৰু কৰ্ণাটকত ১২,২৫৯ জন লোকে আত্মহত্যা কৰিছিল। এই পাঁচখন ৰাজ্যত দেশৰ মুঠ আত্মহননৰ ৫০.১ শতাংশ ঘটনা সংঘটিত হৈছিল।

দেশৰ সৰ্বাধিক জনসংখ্যাবহুল ৰাজ্য উত্তৰ প্ৰদেশত তুলনামূলকভাৱে কম ৩.১ শতাংশ আত্মহননৰ ঘটনা যোৱা বছৰত সংঘটিত হৈছিল। ২০২০ বৰ্ষত দিল্লীত ৩,১৪২ আৰু পুড়ুচেৰীত ৪০৮ জন লোকে আত্মহননৰ পথ বাছি লৈছিল। দেশৰ ৫৩ খন মহানগৰত মুঠ ২৩,৮৫৫ টা আত্মহত্যাৰ ঘটনা যোৱা বছৰত সংঘটিত হৈছিল।

এই প্রতিবেদনত লগতে প্রকাশ যে ৩৩.৬ শতাংশ আত্মহত্যা পাৰিবাৰিক কাৰণত, পাঁচ শতাংশ বৈবাহিক কাৰণত, ১৮ শতাংশ স্বাস্থ্যজনিত কাৰণত যোৱা বছৰত সংঘটিত হৈছিল। পুৰুষ আৰু মহিলাৰ আত্মহননৰ গড় অনুপাত আছিল ৭০.৯ৰ পৰা ২৯.১ শতাংশ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaNCRBSuicide
publisher

publisher

Related Posts

পুনৰ কঁপি উঠিল পাকিস্তান!
News

পুনৰ কঁপি উঠিল পাকিস্তান!

May 12, 2025
Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷
News

Virat Kohli Retires From Test Cricket: ভাৰতীয় ক্ৰিকেটৰ বাবে এক দুঃখবৰ ৷

May 12, 2025
মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 
India

মহাকাশৰ পৰা ভাৰতক নিৰাপত্তা দিছে ১০টি কৃত্রিম উপগ্রহে ! 

May 12, 2025
Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ
News

Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

May 12, 2025
Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল
India

Dist. Bjp Pressmeet:বঙাইগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পিছত জিলা বিজেপি সভাপতি উজ্জ্বল কান্তি ৰায়ৰ সংবাদমেল

May 12, 2025
Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ
News

Panchayat Election Results 2025:ধেমাজিতো অপ্ৰতিৰোধ্য গতি মিত্ৰজোঁটৰ

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d