COVID-19 : ক’ভিড-আক্রান্তৰ বাবে ষ্ট্ৰ’ক মাৰাত্মক, দাবী চিকিৎসকৰ

116539038 gettyimages 1211903264

সাধাৰণতে ষ্ট্ৰ’ক হ’লে জীৱনৰ শংকা থাকেই ইয়াৰ উপৰি পৰিস্থিতি জটিল কৰিছে ক’ভিডে । অতিমাৰী পৰিস্থিতিত ষ্ট্ৰ’কক লৈ দীর্ঘ গৱেষণাৰ পাছত চিকিৎসকসকলে কৈছে, ক’ভিড হৈ থকাৰ সময়ত ষ্ট্ৰ’ক হ’লে সুস্থ হোৱাৰ সম্ভাৱনা কমি যায় ।

দেশৰ ১৭খন হাস্পাতালৰ স’তে একজোঁট হৈ অতিমাৰী আৰম্ভ হোৱাৰ আগতে আৰু পাছত ষ্ট্ৰ’কত আক্রান্তসকলৰ অৱস্থা আৰু ক’ভিড নোহোৱা ৰোগীৰ ষ্ট্ৰ’ক সন্দৰ্ভত গৱেষণা কৰিছে দিল্লীৰ এইমছে । সেই গৱেষণাৰ প্ৰতিবেদনেই উদ্বেগ বঢ়াইছে চিকিৎসকসকলৰ । গৱেষণাকাৰী চিকিৎসকসকলে জনাইছে, ক’ভিডত আক্রান্তসকলৰ ষ্ট্ৰ’ক হ’লে তাৰ মৃত্যুৰ হাৰ তুলনামূলকভাৱে বহু বেছি । ক’ভিডত আক্রান্তসকলৰ ষ্ট্ৰ’ক হ’লে জীয়াই থকাৰ সম্ভাৱনা প্রায় ৫০ শতাংশ কমি যায় ।

গৱেষক দলৰ অন্যতম সদস্য তথা এইমছৰ স্নায়ু বিভাগৰ অধ্যাপক-চিকিৎসক কোহিত ভাটিয়াই কয়, ‘সাধাৰণতে কোনো ৰোগীৰ ষ্ট্ৰ’ক হোৱাৰ তিনি মাহৰ ভিতৰত স্বাধীনভাৱে কাম কৰা অৱস্থালৈ ঘূৰি আহিলে আমি স্বাস্থ্য়ৰ উন্নতি হৈছে বুলি ক’ব পাৰো । কিন্তু ক’ভিড ৰোগীৰ ক্ষেত্রত এইটোৱে চিন্তনীয় । সুস্থ হোৱাৰ সম্ভাৱনাও কমি যায় । যদিও ইয়াৰ বাবে ক’ভিড কিমান দায়ী, সেয়া এতিয়াও সম্পূৰ্ণ স্পষ্ট নহয় ।

ক’ভিড হ’লে শৰীৰৰ বহু অংগ-প্রতংগত তাৰ প্ৰভাৱ পৰে বুলি জনাইছে চিকিৎসকেসকসলে । তেওঁলোকৰ মতে, এই অংগ-প্রতংগবোৰৰ ভিতৰত মস্তিষ্ক অন্যতম । এইমছৰ স্নায়ু বিভাগৰ প্রধান এম ভি পদ্ম শ্রীবাস্তৱে কয়, ‘‘ক’ভিডৰ বাবেই ষ্ট্ৰ’ক হৈছে বুলি, নির্দিষ্টকৈ ক’ব নোৱাৰি । যদিও ক’ভিডৰ বাবে তেজ গোট মৰাৰ শংকা বাঢ়িছে ।’’

Exit mobile version