শীতকাল মানেই যে সকলো আনন্দদায়ক, তেনে নহয় । গাৰ শুকান ছালৰ বাবে অস্বস্তিত ভুগিব লগা হয় । সেই অস্বস্তিৰ পৰা মুক্তি পাবলৈ এতিয়াৰ পৰাই সাৱধানতা অৱলম্বন কৰক । শীত অহাৰ আগতেই কিছুমান ব্যৱস্থা গ্ৰহণ কৰক, যাতে সেই সময়ত কিছু কম শুষ্ক হয় ছাল ।
ADVERTISEMENT
এনে সময়ত ছালৰ যত্ন ল’বলৈ কি কি কৰিব ?
১) ছাল আর্দ্র ৰখাৰ চেষ্টা কৰা আটাইতকৈ পাৰয়োজনীয় । সেয়ে দিনে তিনবাৰকৈ ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰাৰ চেষ্টা কৰক ।
২) ৰ’দে বহু ক্ষতি কৰে । বাহিৰত ওলোৱাৰ আগতে ছানস্ক্রিন লোচন ব্যৱহাৰ কৰিবলৈ নাপাহৰিব ।
৩) পানী বেছিকৈ খাব লাগে ।
৪) শীতত ভৰি ফটাৰ সমস্যা থাকিলে, এতিয়াৰ পৰাই মোজা পিন্ধক । ভৰি ফটাৰ শংকা বহুলাংশে হ্ৰাস পাব ।