চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা : অসমত অধিক উন্নত হ’ব আয়ুৰ্বেদিক চিকিৎসাৰ আন্তঃগাঁঠনি

FDMB2sDVcAogdXt

অসমত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ দ্ৰুত সম্প্ৰসাৰণৰ লগতে আয়ুষ আন্তঃগাঁঠনি উন্নীতকৰণৰ বাবে কাৰ্যব্যৱস্থা হাতত লৈছে ৰাজ্য চৰকাৰে। গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক ‘উৎকৰ্ষতাৰ কেন্দ্ৰ’ ৰূপে উন্নীত কৰাৰ উপৰি নতুনকৈ গুৱাহাটীত এটা সংহত আয়ুষ চৌহদ (ইণ্টিগ্ৰেটেড আয়ুষ কম্প্লেক্স) আৰু ডিব্ৰুগড়ত এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠান (ইন্সটিটিউট অব্ য়োগা এণ্ড নেচাৰোপেথী) প্ৰতিষ্ঠা কৰিব ৰাজ্য চৰকাৰে।

গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত আজি ষষ্ঠ ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। এই নতুন আয়ুৰ্বেদিক প্ৰতিষ্ঠান দুটা স্থাপনৰ বাবে প্ৰয়োজনীয় মাটি বিচাৰিবলৈ স্বাস্থ্য বিভাগে ইতিমধ্যে কামৰূপ (মহানগৰ) আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তক দায়িত্ব ন্যস্ত কৰা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

আয়ুৰ্বেদিক তথা প্ৰাকৃতিক চিকিৎসা, আয়ুৰ্বেদিক ঔষধ প্ৰস্তুতকৰণ তথা গৱেষণাকে ধৰি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিক আগবঢ়াই নিয়াৰ বাবে প্ৰয়োজনীয় সকলো দিশ সামৰি ল’ব লগা ইণ্টিগ্ৰেটেড আয়ুষ কম্প্লেক্স স্থাপনৰ বাবে ২ একৰ আৰু ইন্সটিটিউট আব্ য়োগা এণ্ড নেচাৰোপেথীৰ বাবে ১২ একৰ ভূমি বিচৰা হৈছে। দুয়োটা প্ৰতিষ্ঠান নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ সহায় কৰিব।

ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ এই অনুষ্ঠানত দিয়া ভাষণত স্বাস্থ্যমন্ত্ৰী মহন্তই উল্লেখ কৰে, ‘আমাৰ বাবে সৌভাগ্যৰ বিষয় যে অসমৰ এগৰাকী সন্তান সৰ্বানন্দ সোণোৱালে বৰ্তমান কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীৰ দায়িত্ব নিৰ্বহন কৰিছে। অসমত আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰসাৰৰ লগতে আন্তঃগাঁঠনি উন্নীতকৰণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিকদৰ্শনত আমাৰ স্বাস্থ্য বিভাগে লোৱা পদক্ষেপলৈ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সোণোৱালেও ক্ষিপ্ৰতাৰে ইতিবাচক সঁহাৰিৰে উদগণি যোগাইছে। গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ক উৎকৰ্ষতাৰ কেন্দ্ৰ ৰূপে উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ প্ৰস্তাৱলৈ ইতিমধ্যে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে নীতিগত অনুমোদন জনাইছে। আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্ম আৰু আয়ুৰ্বেদিক ঔষধ উৎপাদন শিক্ষাৰ উৎকৃষ্ট কেন্দ্ৰৰূপে গঢ়িবলৈ বিচৰা হৈছে। উৎকৰ্ষতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব পৰাকৈ অচিৰেই কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া দলে জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ সমগ্ৰ চৌহদ পৰিদৰ্শন কৰি বিতং প্ৰকল্প প্ৰতিবেদন যুগুত কৰিবহি।’

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে দুধনৈত নৱনিৰ্মিত আয়ুৰ্বেদিক চিকিৎসালয়ক নতুনকৈ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰিবলৈ ৭০ কোটি টকাৰ অনুমোদন দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। ইফালে, ৰাজ্যৰ সকলো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতে আয়ুৰ্বেদিক চিকিৎসা সেৱা আৰম্ভ কৰাৰ বাবেও স্বাস্থ্য বিভাগে ব্যৱস্থা লোৱা বুলি মন্ত্ৰী মহন্তই উল্লেখ কৰে। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ ফালৰ পৰা ৰোগীক বিনামূলীয়াকৈ আগবঢ়োৱাৰ বাবে প্ৰতিখন প্ৰাথমিক চিকিৎসালয়লৈ আয়ুৰ্বেদিক ঔষধো প্ৰেৰণ কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসৰ এইবাৰৰ মূল বিষয়বস্তু ‘আয়ুৰ্বেদ আৰু পোষণ’ৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ‘স্বৰ্ণ-প্ৰাশন সংস্কাৰ শিবিৰ’ এটাও উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী মহন্তই। এই শিবিৰতে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে শিশুৰ মেধাশক্তি, শাৰীৰিক বল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে সোণ, ঘিউ আৰু মৌৰে প্ৰস্তুত বিশেষ আয়ুৰ্বেদিক ঔষধি মিশ্ৰণ শিশুৰ মাজত পান কৰোৱাৰ কাৰ্যসূচীও মুকলি কৰাৰ লগতে আয়ুৰ্বেদিক খাদ্যমেলা তথা আয়ুৰ্বেদিক খাদ্য ৰন্ধন প্ৰতিপ্ৰতিযোগিতাও উদ্বোধন কৰে।

অনুষ্ঠানত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিধায়ক ৰমেন কলিতা, ৰাজ্যৰ আয়ুষ অভিযানৰ সঞ্চালক তথা এনএইচএমৰ অভিযাধ সঞ্চালক ডাঃ এছ লক্ষমনন, মুম্বাইৰ বিশিষ্ট আয়ুষ বিশেষজ্ঞ ডাঃ সঞ্জয় কুমাৰ চাঝেদ আৰু আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমাকান্ত শৰ্মায়ো অংশগ্ৰহণ কৰে।

Exit mobile version