ব্ৰিটেইনে বিশ্বৰ প্ৰথম দেশ যিয়ে অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ মাৰ্ক আৰু ৰিজবেক বায়’থেৰাপিটিক্স দ্বাৰা যৌথভাৱে প্ৰস্তুত কৰা এণ্টিভাইৰেল পিলক অনুমোদন দিলে ।
মেডিচিনছ এণ্ড হেল্থ কেয়াৰ প্ৰডাক্ট ৰেগুলেটৰী এজেন্সি (এমএইছআৰএ)এ, মলনুপিৰাভিৰ ঔষধটো ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত যথা সম্ভৱ শীঘ্ৰে আৰু লক্ষ্যণ ধৰা পৰাৰ পাঁচ দিনৰ ভিতৰত ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে ।
ক’ভিড-১৯ৰ অনুমোদন পোৱা এইটোৱে প্ৰথম অৰেল এণ্টিভাইৰেল চিকিৎসা । মলনুপিৰাভিৰক অনুমোদন দিয়া উচিত হয় নে নহয়, সেই সম্পৰ্কত চলিত মাহত ভোট দিব মাৰ্কিন উপদেষ্টাসকলে ।
ব্ৰিটেইনত লেজেভ্ৰিও নামে পৰিচিত ঔষধটো, যোৱা মাহৰ তথ্যৰ ভিত্তিত ঘনিষ্ঠভাৱে পৰ্যবেক্ষণ কৰা হৈছে যে ই অসুস্থতাৰ আৰম্ভণিতে দিলে ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তিজনক মৃত্যু বা হাস্পাতালত ভৰ্তি হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে ।
ব্ৰিটিছ চৰকাৰ আৰু দেশৰ ৰাষ্ট্ৰীয় হেল্থ ছাৰ্ভিচে নিশ্চিত কৰিব যে কেনেদৰে ৰোগীৰ চিকিৎসা যথাসময়ত মোতায়েন কৰা হ’ব । বিগত মাহত ব্ৰিটেইনে মলনুপিৰাভিৰৰ ৪,৮০,০০০ ক’ৰ্ছ সুৰক্ষিত কৰিবলৈ মাৰ্কৰ স’তে চুক্তি স্বাক্ষৰ কৰিছিল ।
এক বিবৃতিত মাৰ্কে কয় যে, চলিত বৰ্ষৰ শেষৰফালে ১০ মিলিয়ন ক’ৰ্ছ প্ৰস্তুত কৰা হ’ব বুলি আশা কৰা হৈছে, ২০২২ত কমেও ২০ মিলিয়ন ছেট তৈয়াৰ কৰা হ’ব । বজাৰ মুকলি হোৱাৰ পূৰ্বেই আমেৰিকাস্থিত ঔষধ প্ৰস্তুতকাৰী সংস্থাৰ শ্বেয়াৰ ২.১% বৃদ্ধি হৈ ৯০.৫৪ ডলাৰ হৈছে ।