মহাকাশ ষ্টেচনত উৎপাদন হ’ল জলকীয়া

মহাশূণ্য খেতিৰ ফচল গুণাগুণ পৰীক্ষাৰ বাবে অনা হ'ব পৃথিৱীলৈ

NASA astronauts pick peppers in space for the first time 1024x576 1

মহাকাশত জলকীয়াৰ খেতি। এই অসাধ্যই সাধন কৰিলে এদল মহাকাশচাৰীয়ে। তেওঁলোকে জলকীয়া উৎপাদন কৰিলে আন্তর্জাতিক মহাকাশ ষ্টেচনত।

প্ৰথমবাৰলৈ মহাকাশ ষ্টেচনত কোনো ফচলৰ খেতি সফল হ’ল। আনকি সেই জলকীয়াৰ ইতিমধ্যে সোৱাদো লৈছে মহাকাশচাৰীসকলে।

নাছাৰ তৰফৰ পৰা এই বাতৰি সদৰী কৰিছে। মহাকাশত কি কি ফচলৰ উৎপাদন সম্ভৱ, তাৰ সম্ভেদ লোৱাৰ বাবেই যোৱা জুনত পৃথিৱীৰ পৰা জলকীয়াৰ প্ৰচুৰ বীজ মহাকাশ ষ্টেচনলৈ নিয়া হৈছিল।

মঙল গ্রহ বা চন্দ্ৰত মহাকাশচাৰীসকলে দীর্ঘদিন ধৰি থাকিবলগীয়া হ’লে তাত কি কি ফচল গজাব পৰা যাব, সেয়া বুজিবলৈকে মহাকাশ ষ্টেচনত এই পৰীক্ষা কৰা হৈছিল বুলিও নাছাৰ তৰফৰ পৰা জনোৱা হৈছে।

নাছাই জনাইছে যে যোৱা শুকুৰবাৰে মহাকাশ ষ্টেচনত বীজৰ পৰা প্ৰথম জলকীয়াৰ ফলন সম্ভৱ হয়। নাছাৰ মহাকাশচাৰী মেগান মেকআর্থাৰে টুইট কৰি জনাইছে যে মহাকাশ ষ্টেচনত উৎপাদন হোৱা জলকীয়া তেওঁলোকে ফাজিতা বীফৰ স’তে খাইছে।

যোৱা জুলাইত নাছাৰ তৰফৰ পৰা জনাইছিল যে পৃথিৱীৰ পৰা নিয়া বীজৰ পৰা মহাকাশ ষ্টেচনত চাৰি মাহৰ ভিতৰতে জলকীয়া উৎপাদন কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

লগতে জনোৱা হৈছিল যে ‘প্লেণ্ট হেবিটেট-০৪’ অভিযানৰ দ্বাৰা এই প্ৰথমবাৰলৈ মহাকাশত বীজৰ পৰা পোনপটীয়াকৈ জলকীয়াৰ ফলন সম্ভৱ হ’ল।

তেতিয়াই নাছাৰ তৰফৰ পৰা জনোৱা হৈছিল যে সেই জলকীয়া যদি খাদ্যৰ উপযোগী বুলি ভবা হয়, তেন্তে মহাকাশ ষ্টেচনতে ইয়াৰ সোৱাদ ল’ব মহাকাশচাৰীসকলে।

তাৰ পাছত তাত উৎপাদন হোৱা বাকী জলকীয়াখিনি তাৰ খাদ্যগুণ যথার্থ হয় নে নহয়, সেয়া পৰীক্ষা কৰাৰ বাবে পৃথিৱীলৈ ঘূৰাই অনা হ’ব।

মহাকাশত উৎপাদন কৰা বিভিন্ন ফচল খোৱাৰ পাছত মহাকাশচাৰীসকলৰ শৰীৰত কি কি প্ৰভাৱ পৰিব পাৰে, সেয়াও চালি-জাৰি চোৱা হ’ব বুলি যোৱা জুলাইতে নাছাৰ তৰফৰ পৰা জনাইছে।

Exit mobile version