COVAXIN: ক’ভেক্সিনক স্বীকৃতি ব্ৰিটেইনৰ

বিশ্ব স্বাস্থ্য সংস্থাৰ (হু) পাছত ক’ভেক্সিনক স্বীকৃতি দিলে ব্ৰিটেইনে। ক’ভেক্সিনৰ দুটা টিকা লোৱা থাকিলে ব্ৰিটেইনলৈ অহা পৰ্যটকসকল থাকিব নালাগে কোৱাৰেন্টাইনত ।

এই নিৰ্দেশনাসমূহ ২২ নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। সোমবাৰে ব্ৰিটিছ মন্ত্ৰী লিজ ট্ৰাছে ব্ৰিটিছ চৰকাৰৰ এই সমূহ নিৰ্দেশনাৰ বিষয়ে টুইট কৰে।

যোৱা মাহত ছেৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা ক’ভিশ্বিল্ডক স্বীকৃতি দিছে ব্ৰিটেইনে । সেই তালিকাত এইবাৰ নাম যোগ দিছে ভাৰত বায়’টেকৰ ক’ভিশ্বিল্ডে ।

লিজে জনাইছে, ক’ভিশ্বিল্ডৰ উপৰিও চীনৰ চিনোভাক আৰু চিনোফাৰ্মক এই স্বীকৃতি দিয়া হৈছে ।

প্ৰসংগত, জৰুৰী ভিত্তিত টিকাকৰণৰ বাবে তিনি নৱেম্বৰত ক’ভিশ্বিল্ডক অনুমতি দিছে হু-য়ে । এই সংস্থাৰ অনুমোদনৰ পাছত একে পথে অনুসৰণ কৰিছে ব্ৰিটেইনে ।

ইয়াৰ ফলস্বৰূপে, সংযুক্ত আৰৱ আমিৰছাহি আৰু মালয়েছিয়া বা ভাৰতৰ পৰা ব্ৰিটেইনলৈ অহা পৰ্যটকসকলে ক’ভেক্সিনৰ দুটা টিকা লোৱা থাকিলে কোৱাৰেণ্টাইত থকা বাধ্যতামূলক নহয় ।

https://twitter.com/explore/tabs/covid-19?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1457761829644644352%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fbritain-to-recognize-bharat-biotechs-covaxin-no-need-for-quarantine-for-fully-vaccinated-travelers-dgtl%2Fcid%2F1312789

Exit mobile version