শীতকালীৰ পাচলি বজাৰত ওলাবলৈ আৰম্ভ কৰিছে। কে’বাটাও শীতকালীন পাচলি আছে যিবোৰ বিশেষ পুষ্টিৰে সমৃদ্ধ। শীতকালত প্ৰতিদিনে সেইসমূহ আপোনাৰ আহাৰত ৰাখিলে আপোনাৰ স্বাস্থ্য সুৰক্ষিত হয়, সেই পাচলিসমূহ কি?
গাজৰ: গাজৰক শীতকালীন পাচলি হিচাপে সকলোৰে জনপ্ৰিয় । গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে। বিটা কেৰোটিন সমৃদ্ধ গাজৰে চকুৰ সমস্যাৰ পৰা সুৰক্ষা দিয়ে। গাজৰে লিভাৰো ভালদৰে ৰাখে। দাঁতৰ সুৰক্ষাৰ ক্ষেত্ৰত গাজৰ যথেষ্ট কাৰ্যকৰী।
ফুলকবি: ফুলকবি যিকোনো ধৰণে খাব পাৰি। ইয়াত যথেষ্ট পৰিমাণে কেলচিয়াম, ভিটামিন, খনিজ, এণ্টিঅক্সিডেণ্ট থাকে। ফুলকবিত থকা ফাইবাৰে হজম বৃদ্ধি কৰে। ইয়াত অমেগা ৩ ফেটি এচিড থাকে, যি মস্তিষ্কৰ কৰ্মক্ষমতা বৃদ্ধি কৰে।
বন্ধাকবি: বন্ধাকবিত যথেষ্ট পৰিমাণে ফছফৰাছ থাকে, যি হাড় শক্তিশালী কৰে। বন্ধাকবিয়ে ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
বীন: বীনত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। ইয়াত থকা প্ৰদাহ-প্ৰতিৰোধীয়ে হৃদৰোগ নিয়ন্ত্ৰণ কৰে। বীন চুলিৰ বাবেও যথেষ্ট উপকাৰী।