একক প্ৰচেষ্টাৰে অৰণ্যক সুৰক্ষা দি পৰিণত হৈছিল ‘বনৰ বিশ্বকোষ’ত

খালী ভৰিৰে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰিলে পৰিৱেশ কৰ্মীয়ে

1004473 tulsi gowda

ৰাষ্ট্রপতি ৰামনাথ কৱিন্দে মঙলবাৰে ৰাষ্ট্রপতি ভৱনত বঁটা তুলি দিলে এই বছৰৰ পদ্ম সম্মান প্রাপকসকলৰ হাতত। মনােৰঞ্জনৰ জগতৰ কংগনা ৰণৌট, কৰণ জোহৰ, একতা কাপুৰ, আদনান ছামিৰ দৰে তাৰকাও আছে পদ্ম সম্মান প্রাপকৰ তালিকাত। তৎসত্ত্বেও এই অনুষ্ঠানত বিশেষভাৱে সকলােৰে দৃষ্টি আকর্ষণ কৰিলে কর্ণাটকৰ এগৰাকী সত্তৰােধ্বৰ আদিবাসী মহিলাই।

খালী ভৰিৰে সম্পূর্ণ ‘পৰম্পৰাগত’ পােছাক পৰিধান কৰিয়েই বৃদ্ধাই প্রধানমন্ত্রী নৰেন্দ্র মােদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক উদ্দেশ্যি কৰযােৰে কৰা নমস্কাৰৰ দৃশ্যই মঙলবাৰৰ অনুষ্ঠানৰ শ্ৰেষ্ঠ মুহূর্তত পৰিণত হয়। ‘বনৰ বিশ্বকোষ’ৰূপে পৰিচিত হােৱা তুলসী গৌড়া নামৰ এই পদ্মশ্রী সম্মান লাভ কৰা বৃদ্ধাৰ স’তে সাক্ষাতৰ মুহূর্ত স্বয়ং প্রধানমন্ত্রীয়েও শ্বেয়াৰ কৰিছে।

আচলতে তুলসী গৌড়াৰ এই সন্মানপ্রাপ্তিয়ে সেই ভাৰতবৰ্ষৰ কথা কয়, যাক ঢাকি ৰাখিছে নাগৰিক সভ্যতাৰ জকমকীয়া অস্তিত্বই। যি ভাৰতবর্ষ শ্বাশ্বত ভাৰতবর্ষ। এই দেশৰ চিৰকালীন ৰূপৰেখা সেই ভাৰতবৰ্ষৰ হৃদয়ত। যাৰ প্রতিনিধি হৈ প্রচাৰৰ কৃত্রিম আলােকবৃত্তৰ পৰা বহু নিলগৰ অৰণ্যৰ প্রত্যন্ত অঞ্চলত তুলসী গৌড়াই যি কীর্তি স্থাপন কৰিছে, সেয়া সঁচাকৈয়ে অবিস্মৰণীয়।

কর্ণাটকৰ হাল্কাকি উপজাতিৰ ৭৭ বছৰীয়া বৃদ্ধাগৰাকীয়ে বিগত ছটা দশক ধৰি সেউজকৰণকে জীৱনৰ লক্ষ্য কৰি লৈছিল। এই সুদীর্ঘ সময়ছােৱাত তেওঁ প্রায় ৩০ হেজাৰ গছপুলি ৰােপণ কৰিছিল। তাতে ক্ষান্ত নাথাকি তেওঁ সেই পুলিসমূহক মাতৃস্নেহৰ দৰেই পৰম আদৰেৰে লালিত-পালিত মহীৰূহত পৰিণত কৰে।

সেই গছসমূহেই যেন তেওঁৰ সন্তান। বন বিভাগৰ কৰ্মীৰূপে তেওঁ সুদীর্ঘকাল নাৰ্ছাৰীৰ কামতে নিমজ্জিত হৈ আছে। ইয়াৰ সমান্তৰালকৈ তেওঁ পৰিণত হৈ পৰিছে গছ-গছনি সম্পর্কে অনন্ত জ্ঞানৰ ভাণ্ডাৰত। যি অবাধ গতিত মানুহে সেউজ পৃথিৱীখন ধ্বংস অব্যাহত ৰাখিছে, তাৰ বিৰুদ্ধে থিয় দি সংগ্রাম কৰাটো কেতিয়াও সহজ নহয়।

অথচ সেই কঠিন কামখিনিয়েই যিসকল লােকে অনায়াসে সম্পন্ন কৰিবলৈ সক্ষম হৈছে, সেইসকলৰ ভিতৰতে অন্যতম এই বৃদ্ধাগৰাকী। মাত্র দুবছৰ বয়সতে তেও পিতৃক হেৰুৱাইছিল। দৰিদ্ৰ পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি খাদ্য যােগাৰ কৰাটোৱেই প্ৰৱল প্ৰত্যাহ্বান হৈ পৰিছিল।

সেয়ে অতি কম বয়সতে তুলসী গৌড়াই উপার্জনৰ পথত অগ্রসৰ হ’বলৈ বাধ্য হৈছিল। মাত্র ১২ বছৰ বয়সতে তেওঁ বন বিভাগৰ কাৰ্যালয়ত অস্থায়ী শ্ৰমিকৰূপে কাম কৰিবলৈ লৈছিল। ক্রমান্বয়ে তেওঁ নিজৰ কামৰ দ্বাৰা সকলােৰে মন জয় কৰিবলৈ সক্ষম হয়।

এটা সময়ত তেওঁ লাভ কৰে বন বিভাগৰ স্থায়ী চাকৰি। তেওঁ কেতিয়াও স্কুললৈ যােৱা নাছিল। তথাপি অৰণ্যৰ বুকুৰ পৰা এনে শিক্ষা লাভ কৰিছিল, যি শিক্ষা চহৰৰ ডিগ্ৰীধাৰীসকলৰ বাবে অসাধ্যকৰ। তুলসী গৌড়ে পদ্ম সন্মান গ্রহণ কৰাৰ পাছত প্রধানমন্ত্রী মােদীয়ে তেওঁলােকৰ সাক্ষাতৰ ফটো ইনষ্টাগ্রামত শ্বেয়াৰ কৰি লিখিছে, ‘একেবাৰে তৃণমূল স্তৰৰ পৰা উঠি আহি যিসকলে পদ্ম সন্মান অর্জন কৰিছে, তেওঁলােকৰ বাবে গর্বিত।’

Exit mobile version