গৌৰীপুৰ বিধানসভা সমষ্টিৰ মোলানডুবি গাঁৱৰ বাসিন্দা প্ৰতিমা ৰায়ৰ হৃদয় বিদাৰক কাহিনী । অকালতে পিতৃ-মাতৃক হেৰুৱাই একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰতিমা ৰায় আৰু ভাতৃ প্ৰসেনজিৎ ৰায়ৰ নিসংগ জীৱন-যাপন ।
প্ৰতিমাৰ নিজৰ বুলিলে আছে মাথো ভাতৃ আৰু শাৰীৰিকভাৱে সক্ষম এগৰাকী পেহী । অতিকৈ পিছপৰা মলানডুবি গাঁৱৰ প্ৰতিমা ৰায়ৰ দুই বছৰ পূৰ্বে অকালতে পিতৃ-মাতৃৰ মৃত্যু হৈছিল । নাই গৃহ, নাই শৌচালয়, নাই খোৱা পানীৰ ব্যৱস্থা বা চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত ।
উল্লেখ্য যে আনৰ ঘৰত দিন হাজিৰা কৰি পৰিয়াল চলোৱাৰ লগতে প্ৰতিমা ৰায়ে একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছে । কিন্তু আৰ্থিক সংকটৰ বাবে ভাতৃ প্ৰসেনজিৎ ৰায়ে আধাতে পঢ়া এৰি আনৰ ঘৰত দিন হাজিৰা কৰি পৰিয়াল চলোৱাত ব্যস্ত । সহায় বিচাৰি চৰকাৰলৈ আহ্বান ।





























