দুৰ্গম পাহাৰীয়া অঞ্চলত চাকৰি কৰিবলৈ অধিকাংশ লোকেই পছন্দ নকৰে । এই ক্ষেত্ৰত ব্যতিক্ৰমী হৈ দেখা দিছে হাৰিয়ানা নিবাসী এগৰাকী মহিলা আইপিএছ বিষয়াই । নাগালেণ্ডৰ এক অতিশয় দুৰ্গম অঞ্চলত কৰ্মৰত প্ৰীতপাল কৌৰ নামৰ এগৰাকী আইপিএছ বিষয়া দেশৰ গৰ্বত পৰিণত হৈ পৰিছে । নিজৰ শিক্ষা, ইচ্ছাশক্তি আৰু শ্ৰমৰ জৰিয়তে তেওঁ হৈ পৰিছে নাগালেণ্ডৰ ‘ঘৰৰ ছোৱালী’ ।
কেৱল আইপিএছ বুলি ক’লে ভুল হ’ব, কিয়নো প্ৰীতপাল হৈছে একেধাৰে চিকিৎসক, কাউন্সিলৰ আৰু শিক্ষয়িত্ৰীও । হাৰিয়ানাতে শৈশৱ পাৰ কৰি সেই ৰাজ্যতেই তেওঁ এখন স্কুলত শিক্ষকতা কৰাৰ পৰৱৰ্তী সময়ত দন্ত চিকিৎসকৰূপে ৰোগীৰ চিকিৎসা কৰিছিল । অথচ তেওঁ যেন সমাজৰ বাবে আৰু বহু কিবাকিবি কৰিব বিচাৰিছিল । সেই বাসনাৰ বাবেই প্ৰীতপালে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল ।
২০১৬ত তেওঁ চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হয় । ইয়াৰ পাছতে তেওঁ নাগালেণ্ডৰ প্ৰত্যন্ত জিলা নোকলাকৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তি লাভ কৰে । এই ধৰণৰ অঞ্চলত কাম কৰিবলৈ সচৰাচৰ বহুতেই পছন্দ নকৰে । বদলিৰ বাবে চেষ্টা অব্যাহত ৰাখে । অথচ প্ৰীতপাল আছিল ব্যতিক্ৰম । বদলিৰ চেষ্টা কৰাৰ পৰিৱৰ্তে সেই দুৰ্গম অঞ্চলতে তেওঁ নিজৰ সকলোখিনি উজাৰি দিছে । কেতিয়াও নিজৰ কৰ্মক্ষেত্ৰক লৈ অসন্তুষ্ট হোৱাৰ পৰিৱৰ্তে তেওঁ হিয়া উজাৰি স্থানীয় লোকসকলৰ বাবে যথাসাধ্য কৰিবলৈ চেষ্টা কৰি আহিছে ।
পাৰ্বত্য জিলাখনৰ আন্তঃগাঁঠনিৰ উন্নয়নৰ প্ৰচেষ্টাৰ সমান্তৰালকৈ তেওঁ অঞ্চলটোৰ কিশোৰ-কিশোৰীসকলক বিনামূলীয়াকৈ ইউপিএছচি পৰীক্ষাৰ বাবে শিক্ষাদান কৰি আহিছে । এই শিক্ষাৰ্থীসকলৰ স’তে নেট মাধ্যমত নিয়মাতৰূপে তেওঁ যোগাযোগ ৰাখে । ইয়াৰ উপৰি তেওঁ কে’বাজনো উচ্চপদস্থ আৰক্ষী বিষয়া আৰু প্ৰশাসনিক মুৰব্বীকো বিনামূলীয়াকৈ শিক্ষাৰ্থীক টিউছন কৰিবলৈ ৰাজি কৰাইছে । আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ এটা কোঠা তেওঁ শ্ৰেণীকোঠাত পৰিণত কৰি তুলিছে । সম্প্ৰতি প্ৰীতপালৰ কোচিঙৰ বলতে সাতজন শিক্ষাৰ্থী চিভিল ছাৰ্ভিচৰ প্ৰথম পৰীক্ষাত উত্তীৰ্ণ হৈছে । তেওঁৰ শ্ৰেণীত আছে ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী । শিক্ষাৰ্থীসকলৰ বহুতেই আকৌ কিবা নহয় কিবা কাম কৰে । সেয়ে তেওঁলোকক পুৱা ছটাৰ পৰা ১০ বজালৈকে তেওঁ পৃথকে পাঠদান কৰে । ।
নাগালেণ্ডৰ নোকলাকৰ সীমাতে লাগি আছে ম্যানমাৰ । দেশৰ একেবাৰে দুৰ্গম সীমান্তৰ জিলা হোৱাৰ বাবে ইয়াত উন্নয়নমূলক কাম-কাজ বেছিকৈ নহয় । সেয়ে কোচিং ক্লাছ চলোৱাৰ বাবে প্ৰীতপালে নিজৰ দৰমহা এটা অংশও নিয়মিতৰূপে ব্যয় কৰি আহিছে । কেৱল শিক্ষাৰ দিশতে পিছপৰি থকা নাই নোকলাক । ম্যানমাৰ সীমান্তৰ অঞ্চল হোৱাৰ বাবে ইয়াত মাদকৰ প্ৰচলনো অত্যন্ত বেছি । ফলত কম বয়সীয়া ল’ৰা-ছোৱালী সহজে মাদকাসক্ত হৈ পৰে । সেই অন্ধকাৰ জগতখনৰ পৰাও নৱ প্ৰজন্মক পোহৰলৈ অনাৰ বাবে তেওঁ আপ্ৰাণ চেষ্টা চলাই গৈছে ।
মাদকসাক্তসকলক তেওঁ নিজে কাউন্সিলিং কৰে, ঔষধো লিখি দিয়ে । এতিয়া নোকলাক জিলাই তেওঁৰ পৰিয়ালৰ দৰে হৈ পৰিছে । অৱশ্যে প্ৰীতপালৰ আৰু এক পৰিয়াল আছে । প্ৰায় তিনি হেজাৰ কিলোমিটাৰ নিলগত আছে তেওঁৰ স্বামী । বছৰত মাত্ৰ কেইটামান দিনহে তেওঁলোকৰ সাক্ষাৎ হয় । অৱশ্যে দূৰত থাকিও তেওঁ স্বামীক সদায় কাষত পাই আহিছে । প্ৰীতপালৰ মতে, স্বামী আৰু পৰিয়ালৰ সকলোৰে সমৰ্থন অবিহনে তেওঁৰ স্বপ্নপূৰণ অসম্ভৱ আছিল ।