নগাঁও এফচিআইত ধান ক্ৰয়ৰ নামত ১২৩ কোটিৰ কেলেংকাৰি, উপকৃত ভুৱা কৃষক

17231

অবিভক্ত নগাঁও জিলাৰ বিভিন্ন ক্রয় কেন্দ্রৰ জৰিয়তে ধান ক্রয়ৰ নামত ভাৰতীয় খাদ্য নিগম (এফ চি আই)ত কমেও ১২৩ কোটি টকাৰ কেলেংকাৰি সংঘটিত হােৱাৰ তথ্য পােহৰলৈ আহিছে।

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যৰ জৰিয়তে এই বিয়াগােম কেলেংকাৰি পােহৰলৈ আনিছে ইনফৰমেচন ফ’ৰামৰ সম্পাদক নৰেন্দ্র প্রকাশ চৌহানে।

এফ চি আইৰ নগাঁও ডিভিজনেল কার্যালয়ৰ বিষয়াই চৌহানক যােগান ধৰা তথ্য অনুসৰি, বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ জুন পর্যন্ত নগাঁও এফ চি আয়ে অবিভক্ত নগাঁও, হােজাই আৰু কাৰ্বি আংলং জিলাৰ ১০টা ক্রয় কেন্দ্র ক্রমে হােজাই, ৰহা, ধিং, ৰাধানগৰ, হাওৰাঘাট, নগাঁও, কৰিগুৰি, যমুনামুখ, কচুৱা আৰু লংকাৰ জৰিয়তে মুঠ ৫৫৭৭জন কৃষকৰ পৰা ৬,৫৯,১১৪ কুইন্টল ধান ক্রয় কৰিছিল।

এফ চি আয়ে মুঠ ১২৩ কোটি ১২লাখ ২৫ হেজাৰ ৬৯৯ টকাৰে সেই ধান ক্রয় কৰিছিল। আৰ টি আই তথ্য প্রকাশ পােৱা অনুসৰি, হােজাইৰ ক্রয় কেন্দ্ৰৰ জৰিয়তে ১৩৬১গৰাকী কৃষকৰ পৰা ২২,৯২,২০,০৩৮ টকাত ১,২২,৭০৯ কুইন্টল ধান, ৰহা ক্রয় কেন্দ্ৰৰ জৰিয়তে ৪২ ছগৰাকী কৃষকৰ ৬৮,৬২৪ কুইন্টল ধান ১২,৮১,৯০,৩৭৯ টকাত, ধিং কেন্দ্ৰৰ জৰিয়তে ৬৫ গৰাকী কৃষকৰ ৮৮,২৩৪ কুইন্টল ধান ১৬,৪৮,২০,৩৬৫ টকাত,ৰাধানগৰ কেন্দ্ৰত ৪৪৪ গৰাকী কৃষকৰ ৩৯,৯৩৫ কুইন্টল ধান ৭,৪৫,৯৮,২০৬ টকাত, হাওৰাঘাট কেন্দ্ৰত ৩৬৫ গৰাকী কৃষকৰ ৪৫,৯৭৫ কুইন্টল ধান ৮,৫৮,৮১,৬৭৪ টকাত, নগাঁও কেন্দ্ৰৰ জৰিয়তে ৫১৮ গৰাকী কৃষকৰ ৭৬,০০৬ কুইন্টল ধান ১৪,১৯,৭৮,৪৬১টকাত,কৰিগুৰি কেন্দ্ৰৰ জৰিয়তে ৪৪৯ গৰাকী কৃষকৰ ৪২,৩৪৫ কুইন্টল ধান ৭,৯১,০০,৮৩৪ টকাত, যমুনামুখ কেন্দ্ৰত ৪৬৬ গৰাকী কৃষকৰ ৭২,৫২৪ কুইন্টল ধান ১৩,৫৪,৭৫,৫৭৯ টকাত, কচুৱা কেন্দ্রৰ জৰিয়তে ২৭২ গৰাকী কৃষকৰ ৪৭,০৮৫ কুইন্টল ধান ৮,৭৯,৫৪,৪০৬ টকাত আৰু লংকা ক্রয় কেন্দ্রৰ জৰিয়তে ৬২৩ গৰাকী কৃষকৰ পৰা ৫৫,৬৭৮ কুইন্টল ধান ১০,৪০,০৫,৭৫৭ টকাত ক্ৰয় কৰিছিল নগাঁও এফ চি আয়ে।

এফ চি আইৰ তথ্য অনুসৰি ১৮৬৮ টকা প্রতি কুইন্টল দামত সেই ধানসমূহ কৃষকৰ পৰা ক্রয় কেন্দ্রসমূহৰ জৰিয়তে ক্ৰয় কৰা হৈছিল। নগাঁও এফ চি আইৰ এই তথ্যত নগাঁও, হােজাই আৰু কাৰ্বি আংলং জিলাৰ হেজাৰ হেজাৰ কৃষকক সকাহ দিয়াটো পৰিস্ফুট হৈছে যদিও বাস্তৱ ক্ষেত্ৰত এই ছবিখন সম্পূর্ণ বিপৰীত।

জিলাকেইখনৰ বিভিন্ন ঠাইৰ প্রকৃত কৃষকৰ পৰা অভিযােগ অনুসৰি, নগাঁও এফ চি আইৰ ধান ক্রয় কেন্দ্রসমূহৰ জৰিয়তে ১০ শতাংশও প্রকৃত কৃষক উপকৃত হােৱা নাছিল।

প্রতিটো ধান ক্রয় কেন্দ্ৰত অসংখ্য ভুৱা কৃষক, ব্যৱসায়ী আৰু মধ্যভােগীৰহে দৌৰাত্ম্য চলিছিল। অভিযােগ অনসুৰি, এওঁলােকৰ স’তে গােপন বুজাবুজি আছিল এফ চি আইৰ একাংশ বিষয়া-কৰ্মচাৰীৰ।

এফ চি আইৰ ধান ক্রয় কেন্দ্রসমূহত এই চক্ৰটোৰ দৌৰাত্মৰ ফলত ক্রয় কেন্দ্ৰৰ ওচৰেই চাপিব পৰা নাছিল ৯০ শতাংশ প্রকৃত কৃষক। ক্ষুদ্র, উপান্ত আৰু মজলীয়া কৃষকসকলৰ কোনেও এফ চি আইৰ ধান ক্রয় কেন্দ্রসমূহত নিজ উৎপাদিত ধান বিক্ৰী কৰিব পৰা নাছিল।

অভিযােগ অনুসৰি, বহু কৃষকেই ধান বিক্ৰী কৰিব নােৱাৰি ওভতাই লৈ যাবলগীয়া হয়। ধান ক্রয় কেন্দ্রসমূহত প্রকৃত কৃষক ৰাইজ চূড়ান্ত উপেক্ষিত হ’ব লগীয়া হােৱাত পৰৱৰ্তী সময়ত তেওঁলােক ধান ক্রয় কেন্দ্ৰৰ সলনি বিভিন্ন সাপ্তাহিক বজাৰ, বজাৰৰ ব্যৱসায়ীকহে নিচেই কম দামতে ধান বিক্ৰী কৰিবলগীয়া হয়।

ফলত ভীষণ লােকচানৰ সন্মুখীন হয় হেজাৰ হেজাৰ প্রকৃত কৃষক। ইয়াৰ বিপৰীতে কোটি কোটি টকা লাভ কৰে হেজাৰ হেজাৰ ভুৱা কৃষক, মধ্যভােগী আৰু ব্যৱসায়ীহে। এফ চি আইৰ তথ্য অনুসৰি, জিলাকেইখনৰ ধান ক্রয় কেন্দ্রকেইটাত এফ চি আয়ে ১৮৬৮ টকা প্রতিকুইন্টল মূল্যত ধান সমূহ ক্ৰয় কৰিছিল।

অথচ এফ চি আয়ে ধান ক্রয় কৰা সময়ছােৱাত জিলা কেইখনৰ বজাৰসমূহত সেই ধানৰ দাম প্রতি কুইন্টলত প্রায় ১১০০ টকাহে আছিল। তেনে ক্ষেত্ৰত কৃষকৰ পৰা ৭৬৮টকা অতিৰিক্ত দামত এফ চি আইয়ে ধান ক্রয় কেন্দ্র সমূহৰ জৰিয়তে ধান ক্রয় কৰােতে প্রথমাৱস্থাত কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল যদিও সেই হাঁহি মৰহিবলৈ বেছি পৰ নালাগিল।

কিয়নাে এফ চি আই ধান ক্রয় কেন্দ্ৰৰ অলেখ নিয়ম,ভুৱা কৃষক,মধ্যভােগী আৰু ব্যৱসায়ীৰ দপনিত ক্রয় কেন্দ্ৰৰ কাষেই চাপিব নােৱাৰিলে হেজাৰ হেজাৰ প্রকৃত কৃষক। জিলা কেইখনৰ ১০টা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে নগাঁও এফ চি আয়ে ১২৩ কোটি ১২লাখ ২৫ হেজাৰ ৬৯৯টকাৰ ধান ক্রয় কৰিলেও উপেক্ষিত হৈ ৰ’ল হেজাৰ হেজাৰ প্রকৃত কৃষক।

Exit mobile version