Air Pollution : বিশ্বৰ সবাতোকৈ প্ৰদূষিত চহৰৰ ভিতৰত ভাৰতৰেই তিনি

Pollution 1

বায়ুৰ মান আৰু প্ৰদূষিত চহৰ চিহ্নিত কৰা ছুইজাৰলেণ্ডৰ এটা সংস্থাই সম্প্রতি বিশ্বৰ আটাইতকৈ প্ৰদূষিত ১০খন চহৰৰ কথা দাঙি ধৰিছে । জানিলে অবাক হ’ব এই দশৰ ভিতৰত ভাৰতৰেই তিনি চহৰ আছে ! আইকিউএয়াৰ নামে ছুইছ সংস্থাটো ৰাষ্ট্রসংঘৰ প্ৰদূষণ সংক্রান্ত প্র’গ্রামৰ তথ্যপ্রযুক্তি সহায়ক ।

ছুইছ সংস্থাই প্ৰকাশ কৰা তালিকাত প্রথমতেই আছে দিল্লীৰ নাম । নৱেম্বৰৰ আৰম্ভণিৰ পৰা বিষাক্তৰ পৰা বিষাক্ততৰ হৈছে দিল্লী বতাহ । বিগত ২৪ ঘণ্টাত দিল্লীৰ বায়ু মান সূচক আৰু কিছু বৃদ্ধি হৈ শনিবাৰে পুৱা ৫৫৬ হয়‌ । শীঘ্ৰে পৰিবহণ ৩০ শতাংশ কমোৱাৰ নির্দেশ জাৰি কৰিছে কেন্দ্রীয় প্ৰদূষণ নিয়ন্ত্রণ পৰিষদে । প্রতি বছৰে দীপাৱলীৰ পাছত এনে পৰিস্থিতিৰ সৃষ্টি হয় দিল্লীত । আতচবাজী জ্বলোৱাৰ লগতে চুবুৰীয়া ৰাজ্যৰ কৃষি ভূমিত শস্যৰ নৰা জ্বলোৱা ইয়াৰ অন্যতম কাৰণ ।

বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰ হিচাপে পাকিস্তানৰ লাহৌৰৰ নাম উত্থাপন হৈছে । সম্প্রতি লাহৌৰৰ উচ্চ ন্যায়ালয়েও প্ৰদূষণ নিয়ন্ত্রণক লৈ এটা গোচৰ ৰুজু কৰা হৈছে । গোচৰৰ শুনানিত ন্যায়াধীশে স্পষ্টভাৱে জনাইছে, প্ৰদূষণ নিয়ন্ত্রণৰ কোনো ব্যৱস্থাই লোৱা নাই পাকিস্তানৰ প্রশাসনিক বিষয়াসকলে ।

তৃতীয় প্ৰদূষিত চহৰ বুলগেৰিয়াৰ ছোফিয়া । বায়ু মান সূচক ১৭৮ । এইখন ইউৰোপৰ আটাইতকৈ প্ৰদূষিত চহৰ । বিশ্ব স্বাস্থ্য সংস্থা (হু)-ৰ সমীক্ষা অনুযায়ী, প্রতি বছৰে বুলগেৰিয়াৰ ন হেজাৰ মানুহ বায়ু প্ৰদূষণজনিত ৰোগত আক্রান্ত হৈ মৃত্যু হয় ।

চতুর্থ প্ৰদূষিত চহৰ কলকাতা । কলকাতাৰ পৰিস্থিতিও চিন্তনীয় । এই চহৰৰ বায়ু মান সূচক ১৭৭ । অত্যধিক কলকাৰখানা আৰু যানবাহনেই ইয়াৰ কাৰণ বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে ।

ছুইছ সংস্থাৰ সমীক্ষা অনুযায়ী, ক্রোয়েছিয়াৰ ৰাজধানী জাগ্রেব-ৰ অৱস্থা শীতকালত শোচনীয় হৈ পৰে । সেই সময়ত ধোঁৱাই ঢাকি পেলায় সম্পূৰ্ণ চহৰ । শ্বাস লোৱাত সমস্যা হয় বাসিন্দাসকলৰ । পঞ্চম প্ৰদূষিত এই চহৰৰ বায়ু মান সূচক ১৭৩ ।

ষষ্ঠ স্থানত আছে ভাৰতৰ আন এক চহৰ মুম্বাই । কলকাতাতকৈ প্ৰদূষণৰ নিৰিখত কিছু পিছুৱাই আছে মুম্বাই । ইয়াৰ বায়ু মান সূচক ১৬৯ ।

ছার্বিয়াৰ ৰাজধানী বেলগ্রেড ইউৰোপৰ আদি চহৰ । তাপবিদ্যুৎ উৎপাদন কেন্দ্র আৰু বিভিন্ন খনি এই চহৰৰ প্ৰদূষণৰ মূল কাৰণ । ইয়াৰ উপৰি কাৰখানা আৰু যানবাহনৰ ধোঁৱা । সমীক্ষা অনুযায়ী, বেলগ্ৰেডত বায়ু মান সূচক ১৬৫ ।

অষ্টম স্থানত আছে চীনৰ চেংগদু । ইয়াৰ বায়ু মান সূচক ১৬৫ । কাৰখানা আৰু অত্যধিক যানবাহন নিয়ন্ত্রণ নকৰিলে এই চহৰৰ পৰিস্থিতি আগন্তুক দিনত আৰু ভয়াবহ হৈ উঠিব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা, যানবাহন আৰু গৃহস্থালিৰ ধোঁৱাৰ কাৰণে প্ৰদূষণৰ চাদৰত ঢাক খাইছে উত্তৰ মেছিড’নিয়াৰ চহৰ স্কপজে । ইয়াৰ বায়ু মান সূচক ১৬৪ । বিশেষজ্ঞসকলৰ মতে, বায়ু প্ৰদূষণৰ বাবে প্রত্যক্ষভাৱে প্রতি বছৰে প্রায় আঢ়ৈ হেজাৰ মানুহৰ মৃত্যু ঘটে চহৰখনত ।

পোলেণ্ডৰ ক্রাকো বিশ্বৰ দশম প্ৰদূষিত চহৰ । ছুইছ সংস্থাৰ সমীক্ষা অনুযায়ী, ইয়াৰ বায়ু মান সূচক ১৬০ ।

Exit mobile version