Tree of Death :সংস্পৰ্শলৈ আহিলেই জ্বলিব পাৰে ছাল ,এই ‘মৃত্যুগছ’ৰ ফল খালে হ’ব পাৰে মৃত্যু!

opt aboutcom coeus resources content migration mnn images 2014 10 manchineel tree fruit apple 4eb6a9b74f404e889779c8db1c5438d2

পৃথিৱীত বিভিন্ন প্ৰজাতিৰ গছ আছে। গছ আমাৰ জীৱন।গছে অক্সিজেন দিয়াৰ বাবেই আমি জীয়াই আছো । কিন্তু এই পৃথিৱীত এনে কিছুমান গছ আছে যিয়ে মানুহৰ জীৱনো কাঢ়ি নিব পাৰে!

তেনে এজোপা গছ হ’ছে ‘মেনছিনীল’।যাক ‘মৃত্যুৰ গছ’ বুলিও কোৱা হয়। কেৱল সেয়াই নহয়, মেনছিনীলক পৃথিৱীৰ আটাইতকৈ বিষাক্ত গছ বুলিও জনা যায়।

এই গছটো মুখ্যতঃ কেৰিবিয়ান সাগৰৰ পাৰত দেখা যায়। উচ্চতা ৫০ ফুট পৰ্যন্ত হ’ব পাৰে। এই গছজোপা ইমানেই বিষাক্ত যে ই শৰীৰৰ সংস্পৰ্শলৈ আহিলে শৰীৰৰ ছাল জ্বলাই দিব পাৰে।

দাবী কৰা হৈছে যে এই গছৰ ফল খালে শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ হয় আৰু কেইমিনিটমানৰ ভিতৰতে মৃত্যু হ’ব পাৰে।

এই গছত গাখীৰৰ দৰে ডাঠ ৰস থাকে। পাত, গছৰ ছাল আদিত ৰস পোৱা যায়। যদি সেই ৰস কোনো প্ৰকাৰে শৰীৰৰ সংস্পৰ্শলৈ আহে, ইয়াৰ ফলত ছাল পুৰি ঘা হব পাৰে।

বিজ্ঞান সতৰ্কবাণীৰ এক প্ৰতিবেদন অনুসৰি, এই ৰসত ফৰ্বোল নামৰ এবিধ বিষ থাকে। যি পানীৰ স’তে সহজে মিহলি হয়। সেয়েহে, বৰষুণৰ সময়ত এই গছৰ তলত আশ্ৰয় নিষিদ্ধ।

ইয়াৰ কাৰণ হৈছে যদি এই ৰস বৰষুণৰ স’তে মিহলি কৰা হয় আৰু শৰীৰৰ সংস্পৰ্শলৈ আহে বা কোনো কাৰণত চকুত লাগে তেন্তে দৃষ্টিশক্তি হ্ৰাস ও হ’ব পাৰে।

গিনিছ বুকত পৃথিৱীৰ সকলোতকৈ বিপদজনক গছ হিচাপে লিপিবদ্ধ কৰা হৈছে মেনছিনীলক। কিন্তু স্থানীয় পৰিস্থিতিতন্ত্ৰ বজাই ৰখাত এই গছৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই গছটোৱে সাগৰৰ পানীৰ পৰা মাটিখহনীয়া প্ৰতিহত কৰে।

Exit mobile version