মানৱ দেহত কৰ্কটৰ পৰা আৰম্ভ কৰি শ্বাসতন্ত্ৰৰ একাধিক ৰোগৰ মূল কাৰক হৈছে বৰ্ধিত বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণত ইউৰোপত বছৰি তিনি লাখৰ প্ৰাণনাশ : হুৰ তথ্য

CostofAir21 Desk a

বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ নীতি-নিদের্শনাসমূহ সঠিকভাৱে পালন কৰা হ’লে ২০১৯ৰ ভিতৰত ইউৰােপীয় সংঘত কমেও দুই লাখ লােকৰ জীৱন ৰক্ষা কৰাটো সম্ভৱ হ’লহেঁতেন।

ইউৰােপীয় পৰিৱেশ সংস্থাই প্রকাশ কৰা অনুসৰি সুক্ষ্ম কণা বায়ু প্ৰদূষণৰ ফলত হােৱা মৃত্যুৰ ঘটনা সমগ্র ইউৰােপত বছৰি ১০ শতাংশ হ্রাস পাইছে। কিন্তু এতিয়াও ইউৰােপত বায়ু প্ৰদূষণৰ ফলত বছৰি তিনি লাখ লােকৰ মৃত্যু হৈ আহিছে।

ইউৰােপীয় পৰিৱেশ সংস্থাটোৱে এক নতুন প্রতিবেদনত উল্লেখ কৰা তথ্য অনুসৰি বায়ু প্ৰদূষণৰ ফলত ২০১৯ বৰ্ষত ইউৰােপীয় সংঘত অন্তর্ভুক্ত দেশসমূহত ৩,০৭,০০০ ৰাে অধিক লােকৰ মৃত্যু হৈছিল।

এইসকল লােকৰ অর্ধেকাংশক মৃত্যুৰ পৰা ৰক্ষা কৰাটো সম্ভৱ হ’লহেঁতেন যদিহে ইউৰােপীয় সংঘৰ দেশসমূহে হুৰ নীতি-নির্দেশনাসমূহ সঠিকভাৱে পালন কৰিলেহেঁতেন।

ইউৰােপীয় সংঘৰ বিভিন্ন দেশত মূলতঃ নাইট্রজেন ডাইঅক্সাইডৰ পৰিমাণ বৃদ্ধিৰ ফলত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি, ইউৰােপীয় সংঘত বায়ু প্ৰদূষণৰ প্রকোপ ২০১৮ বৰ্ষৰ তুলনাত ২০১৯ বৰ্ষত কিছু হাস পাইছিল যদিও এতিয়াও ই চৰম উদ্বেগৰ কাৰণ হিচাপে পৰিচিত।

বিশ্ব স্বাস্থ্য সংস্থাই চলিত বৰ্ষত বায়ু প্ৰদূষণ ৰােধৰ ক্ষেত্ৰত নতুন নীতি-নির্দেশনা প্ৰকাশ কৰিছে।ইউৰােপীয় পৰিবেশ সংস্থাৰ মতে, যদিহে হুৱে এইসমূহ নীতি-নির্দেশনা পুর্বে জাৰি কৰিলেহেঁতেন আৰু ২০১৯ বৰ্ষতে এইসমূহ নিয়ম কঠোৰভাৱে বলৱৎ কৰা হ’লে কমেও ১,৭৮,০০০ জন লােকৰ অকাল মৃত্যু ৰােধ কৰাটো সম্ভৱ হ’লহেঁতেন।

সমগ্র বিশ্বৰ লগতে ইউৰােপতাে বায়ু প্ৰদূষণ মানৱ জীৱনৰ বাবে সবাতােকৈ বিপজ্জনক হৈছে। হুৰ তথ্য মতে, কাৰখানাৰ পৰা গ্রীণহাউছ গেছৰ নির্গমন যিমানে হ্রাস পাব, সিমানে বায়ু প্ৰদূষণৰ পৰিমাণাে নিয়ন্ত্রিত হ’ব।

ঘাতক বায়ু প্ৰদূষণৰ ফলত মানৱ দেহৰ হাওঁফাওঁত বিভিন্ন ৰােগৰ সৃষ্টি হয়। কৰ্কট ৰােগৰ পৰা আৰম্ভ কৰি শ্বাসতন্ত্রৰ একাধিক ৰােগৰ মূল কাৰক হৈছে বর্ধিত বায়ু প্রদূষণ। সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই বায়ু প্ৰদূষণ ৰােধৰ ক্ষেত্ৰত সকলাে দেশক কঠোৰ নীতি- নির্দেশনা পালন কৰিবলৈ পৰামর্শ দিছে।

Exit mobile version