যোগ চৰ্চাৰে চৰ্চিত তামাৰহাটৰ যুৱতী

আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ প্ৰায়ভাগ কঠিন আসন কৰিব পাৰে পূজাই 

WhatsApp Image 2021 11 23 at 8.11.36 PM

ধুবুৰী জিলাৰ অন্তৰ্গত তামাৰহাটৰ এগৰাকী যুৱতী নাম পূজা ৰায় । উজানপেটলা দ্বিতীয় খণ্ড গাঁৱৰ বিজ্ঞান বিভাগৰ স্নাতক শ্ৰেণীৰ ছাত্ৰী পূজা । ভিতৰুৱা অঞ্চলৰ যুৱতীগৰাকীৰ যোগৰ প্ৰতি পূৰ্বৰ পৰাই ধাউতি আছিল; কিন্তু আৰ্থিক দৈন্যতাৰ বাবে যোগৰ আনুষ্ঠানিক শিক্ষা লোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈ পৰে । পাছত ছ’চিয়েল মিডিয়াৰ পৰা যোগ আহৰণ কৰি কোনো প্ৰশিক্ষণ নোলোৱাকৈ নিজ ঘৰত চর্চা কৰি আহিছে যুৱতীগৰাকীয়ে ।

প্ৰায়ভাগ কঠিন যোগাসন কৰিব পাৰে যুৱতীগৰাকীয়ে । পূজাই নিজ গৃহত কৰা যোগ চর্চাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । নিতৌ ঘৰতে যোগ চর্চা কৰি আহিছে যুৱতীগৰাকীয়ে । নিতৌ যোগ চৰ্চাৰ দ্বাৰা বিভিন্ন ৰোগৰ নিৰাময় হয় । মানৱ জীৱনত যোগৰ ভূমিকা অপৰিসীম । যোগে মানুহক কঠিন বেমাৰৰ পৰা মুক্ত কৰে । সকলোৱে সুস্থ থকাৰ বাবে কৰ্ম ব্যস্ততাৰ মাজতো নিতৌ নিয়মানুসাৰে যোগাসন কৰিব লাগে বুলি উল্লেখ কৰে যুৱতীগৰাকীয়ে ।

নৱ প্ৰজন্মক হাতত ম’বাইল লৈ সময় নষ্ট নকৰি সু-স্বাস্থ্যৰ বাবে নিতৌ শৰীৰ চর্চা কৰিবলৈ আহ্বান জনায় যুৱতীগৰাকীয়ে ।

Exit mobile version