Kashmir Girl : বয়স ১১, সর্বকনিষ্ঠ লেখিকাৰ কিতাপ প্রকাশ কাশ্মীৰত

1637635167 23ns adeeba 2col corr

‘মানুহতকৈ কাগজ বহু সহনশীল’— নাৎসি জার্মানিত হলোকাষ্টৰ বলি হোৱা কিশোৰী এনি ফ্ৰেংকৰ দিনলিপিৰ কথা প্রথম অধ্যায়ত উদ্ধৃত কৰি প্রকাশিত হ’ল আদিবা ৰিয়াজৰ প্রথম কিতাপ । বয়স ১১ বছৰ । সপ্তম শ্রেণীৰ ছাত্রী । জম্মু-কাশ্মীৰৰ প্রকাশিত-কলমচিদৰ ভিতৰত সর্বকনিষ্ঠ ।

২০১৯ত অনন্তনাগ জিলা প্রশাসনৰ দ্বাৰা আয়োজিত এটা সৃজনশীল লেখা প্রতিযোগিতাত পুৰষ্কাৰ লাভ কৰিছিল আদিবাই । তাৰ পাছৰ পৰাই স্বপ্ন দেখা আৰম্ভ হয় । ধাৰা ৩৭০ বিলোপৰ পাছত কাশ্মীৰত সান্ধ্য আইন জাৰি কৰা হয় । কৰ’নাৰ বাবে তলাবন্ধও দিয়া হয় । আদিবাই সংবাদমাধ্যমক জনাইছে, সেই সময়তেই তাই কলম হাতত লয় । সম্পূৰ্ণ কিতাপখন মাত্ৰ ১১ দিনত লিখা । আৰম্ভণিতে কোৱা হয়, ‘সকলোৱে লেখক হ’ব পাৰে, কাৰণ কাগজত তেজ বোওৱা সহজ’ ।

কিতাপখনৰ নাম ‘জিল অৱ পেন’ (কলমৰ উদ্দীপনা) । ৯৬ খন পৃষ্ঠাৰ ৩৫টা অধ্যায়ত আদিবাৰ টুকুৰা-টুকুৰা মনৰ কথা, ৯টা কবিতা আৰু ১১টা অনুচ্ছেদ । প্রচ্ছদ বগা-ক’লা; দিন-ৰাতিৰ দৰে সমানে দুভাগ কৰা । কিতাপ হাতত লৈ লেখিকা নিজে, ক’লা হিজাবৰ ভিতৰত উদ্ভাসিত মুখ— এই ছবি ভাইৰেল হৈছে সামাজিক মাধ্যমত । সম্প্ৰতি কিতাপখন ইন্টাৰনেটত উপলব্ধ । ছফ্ট-বাইণ্ডিঙৰ এটা সংস্কৰণ বজাৰত পাব পাৰে ।

আদিবাই জনাইছে, এইবাৰ লেখাত আৰু মন দিব বিচাৰে । এনেদৰে লিখিব বিচাৰে, যাৰ মাজত সকলোৱে নিজকে বিচাৰি পায় ।

Exit mobile version