ইউৰোপত ঊৰ্ধ্বমুখী হ’বলৈ ধৰিছে ক’ভিডৰ চতুৰ্থ ঢৌ

PFE6A3DC75KMHBN74JFT4VLTI4

শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ইউৰোপত পুনৰ ক’ভিডৰ সংক্ৰমণ ঊৰ্ধ্বমুখী হ’বলৈ ধৰিছে । চলিত মাহত বিশ্বত কৰ’নাত মৃত্যু হোৱা লোকসকলৰ অৰ্ধেকাংশ‌ই আছিল ইউৰোপীয় দেশৰ বাসিন্দা । ইউৰোপত সম্প্ৰতি প্ৰতি সপ্তাহত ২০ লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । এই ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ইউৰোপীয় দেশসমূহৰ চৰকাৰে কঠোৰ নিয়ম-নীতি অৱলম্বন কৰিছে । চৰকাৰৰ এনে কঠোৰ পদক্ষেপৰ বিৰুদ্ধে ইউৰোপৰ একাংশ দেশত জনসাধাৰণে ব্যাপক প্ৰতিবাদো সাব্যস্ত কৰিছে ।

অষ্ট্ৰিয়াত ইতিমধ্যে সৰ্বাত্মক তলাবন্ধ ঘোষণা কৰা হৈছে । জাৰ্মানীটো কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে । জাৰ্মানীৰ স্বাস্থ্যমন্ত্ৰীয়ে দেশবাসীক তৎকালীনভাৱে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বেলজিয়ামেও মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ঘোষণা কৰিছে । তদুপৰি বেলজিয়াম চৰকাৰে দেশবাসীক ঘৰৰ পৰা কাৰ্যালয়ৰ কাম-কাজ সম্পন্ন কৰিবলৈকো পৰামৰ্শ দিছে ।

চৰকাৰৰ ক’ভিড প্ৰতিৰোধী কঠোৰ নিয়ম-নীতি আৰু প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা কৰাৰ বিৰোধিতাৰে অষ্ট্ৰিয়া, ক্ৰৱেছিয়া, বেলজিয়াম, ডেনমাৰ্ক, ইটালী, নেদাৰলেণ্ডছত সহস্ৰাধিক লোকে ৰাজপথত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে ।

বিশ্ব স্বাস্থ্য সংস্থা (হু)ই আশংকা প্ৰকাশ কৰি কৈছে যে ইউৰোপত ২০২২ৰ মাৰ্চৰ ভিতৰত কৰ’নাত মুঠ মৃতকৰ সংখ্যাই ২০ লাখৰ সীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ইটালীয়ে ইতিমধ্যে বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে । ক’ভিডৰ দ্বিতীয়পালি প্ৰতিষেধক গ্ৰহণৰ পাঁচমাহ পাছত ইটালীত বুষ্টাৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব ।

ব্ৰিটেইনত আগন্তুক বৰদিন উপলক্ষে ক’ভিড বিধি চৰকাৰে অধিক কঠোৰ কৰিছে । দেশখনত শ্বপিং মলত বজাৰ কৰিবলৈ যোৱা লোকসকলে এতিয়াৰে পৰা ক’ভিড পৰীক্ষণ সম্পন্ন কৰাৰ পাছতহে প্ৰৱেশৰ অনুমতি লাভ কৰিব । গ্ৰীচতো প্ৰতিষেধক নোলোৱা ব্যক্তিৰ ৰাজহুৱা স্থানত যেনে হোটেল, ৰেস্তোৰাঁ, ষ্টেডিয়াম, চিত্ৰগৃহ আদিত প্ৰৱেশত বাধা আৰোপ কৰা হৈছে ।

Exit mobile version