কমেডিয়ান কপিল শর্মাৰ শ্ব’ত অতিথি হিচাপে অংশ ল’বলৈ গৈ অপমানিত হ’ল কেন্দ্রীয় মন্ত্রী তথা প্রাক্তন অভিনেত্রী স্মৃতি ইৰানী।
স্মৃতিয়ে শেহতীয়াভাৱে লেখিকা হিচাপে আত্মপ্রকাশ কৰিছে আৰু তেওঁ ৰচনা কৰা প্ৰথমখন উপন্যাস লাল চালাম’ৰ প্ৰচাৰৰ বাবে কপিলৰ শ্ব’ত অংশ ল’বলৈ গৈছিল।
এই অনুষ্ঠানলৈ কপিলে কেন্দ্রীয় মন্ত্ৰীগৰাকীক আমন্ত্রণ জনাইছিল। কিন্তু কপিলৰ অনুষ্ঠানত অংশ ল’বলৈ গৈ ষ্টুডিঅ’ৰ বাহিৰত নিৰাপত্তাৰক্ষীৰ বাধাৰ সন্মুখীন হ’ল স্মৃতি।
স্মৃতিয়ে নিৰাপত্তাৰক্ষীক জনাইছিল যে তেওঁক উক্ত শ্ব’ত অংশ ল’বলৈ কপিলে নিমন্ত্রণ দিছে। কিন্তু নিৰাপত্তাৰক্ষীয়ে স্মৃতিক কয় যে এই সন্দৰ্ভত তেওঁক কপিলৰ প্ৰডাকচ্ছনে অৱগত কৰােৱা নাই আৰু সেয়েহে তেওঁক প্ৰৱেশৰ অনুমতি দিব নােৱাৰ।
স্মৃতিয়ে কে’বাবাৰাে নিৰাপত্তাৰক্ষীজনক বুজাবলৈ চেষ্টা কৰে যদিও নিৰাপত্তাৰক্ষীয়ে নিজৰ স্থিতিত অটল থকাত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে খঙতে উভতি যায়।
উত্থাপিত অভিযােগ অনুসৰি, স্মৃতিক প্ৰৱেশত বাধা দিয়া নিৰাপত্তাৰক্ষীজনে জমেট’ৰ ডেলিভাৰী বয়ক কোনাে প্রশ্ন নকৰাকৈ ষ্টুডিঅ’ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিছিল।
পাছত ঘটনাৰ বিষয়ে কপিলৰ প্ৰডাকছনে জানিব পাৰি স্মৃতিৰ স’তে যােগাযােগ কৰে যদিও মন্ত্রীগৰাকীয়ে নিজৰ অসন্তুষ্টি প্রকাশ কৰাত কপিল শর্মা শ্ব’ৰ দৃশ্যগ্রহণ সেইদিনা বন্ধ ৰাখিব লগা হ’ল।
নিৰাপত্তাৰক্ষীজনে যেতিয়া অৱগত হ’ল যে তেওঁ প্ৰৱেশত বাধা দিয়া মহিলাগৰাকী কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰানী আছিল, তেতিয়া তেওঁ ভয়তে নিজৰ ম’বাইল ফোন অফ কৰি কর্মস্থলীৰ পৰা পলায়ন কৰে।
প্রকাশিত বাতৰি অনুসৰি, স্মৃতিৰ চেহেৰা শেহতীয়াভাৱে যথেষ্ট সলনি হােৱাৰ ফলতে এই অঘটন সংঘটিত হ’ল। সম্প্রতি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে নিজৰ ওজন যথেষ্ট হ্ৰাস কৰিছে আৰু সেয়েহে বহু লােকে তেওঁক সহজে চিনাক্ত কৰিবলৈ অক্ষম হৈছে। স্মৃতি যথেষ্ট খীন চেহেৰাৰ হােৱাৰ ফলত নিৰাপত্তাৰক্ষীজনে কেন্দ্রীয় মন্ত্রীগৰাকীক চিনিব নােৱাৰি বাধা দিছিল বুলি বাতৰিত প্রকাশ।