ৰাজ্যত অব্যাহত চোৰাং গৰুৰ বেহা

পুনৰ আগমণিত আটক সাতটা গোধন, পাঁচজন সৰবৰাহকাৰী

WhatsApp Image 2021 11 25 at 4.41.14 PM

ধুবুৰী জিলাৰ অন্তৰ্গত আগমণি আৰক্ষীয়ে সাতটা গৰুসহ পাঁচজনকৈ সৰবৰাহকাৰীক আটক কৰে । ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমিয়া বেহা । বংগৰ পৰা প্ৰতিদিনেই অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ।

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাও কেৰেপ নকৰে চোৰাং বেপাৰীয়ে । আৰক্ষীৰ জালত চোৰাং গৰুসহ পাঁচজনকৈ চোৰাং গৰু সৰবৰাহকাৰী । বংগৰ পৰা ধুবুৰী অভিমুখে লৈ যোৱা অৱস্থাত আগমণি আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত জব্দ কৰে গৰুসহ ধৃত মনোৱাৰ আলী, ছামছুল আলী, তচলিম আলী, আইজুল হক আৰু হাবিবুৰ ৰহমান নামৰ সৰবৰাহকাৰী কেইজনক ।

ধৃত চোৰাং সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি গৰু সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । উল্লেখ্য যে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

Exit mobile version