প্ৰধানমন্ত্ৰী গতিশক্তি কেৱল সংযোগীকৰণ বা একত্ৰিত প্ৰচেষ্টাই নহয়, দেশৰ সকলো ৰাজ্যক লগত লৈ ভাৰতক শক্তিশালী কৰাৰ বাবে এয়া এক বৃহৎ পদক্ষেপ : সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুজৰাটৰ গান্ধীনগৰত পশ্চিম অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি সন্দৰ্ভত অনুষ্ঠিত আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰে । এই সন্মিলনত উপস্থিত থাকে গুজৰাটৰ মুখ্যমন্ত্ৰী ‌ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছো নায়ক, মধ্যপ্ৰদেশৰ ঔদ্যোগিক নীতি আৰু বিনিয়োগ মন্ত্ৰী ৰাজবৰ্ধন সিং দাট্টিগাঁও, ৰাজস্থানৰ গড়কাপ্তানি মন্ত্ৰী ভজন লাল জাটাভ । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰণালয়ৰ অধীনত দীনদয়াল বন্দৰ ন্যাসে এই অঞ্চলিক সন্মিলন আয়োজন কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৩ অক্টোবৰ, ২০২১ তাৰিখে মাল্টি-মডেল সংযোগৰ ওপৰত ঐতিহাসিক প্ৰধানমন্ত্ৰী গতিশক্তি-ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন মুকলি কৰিছিল । প্ৰধানমন্ত্ৰী গতিশক্তি মূলতঃ এক ডিজিটেল মঞ্চ যিয়ে ১৬টা মন্ত্ৰণালয়ক একত্ৰিত কৰিছে আৰু আন্তঃগাথঁনিমূলক সংযোগ প্ৰকল্পসমূহৰ সামগ্ৰিক পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণত অগ্ৰাধিকাৰ দিছে । ইয়াৰ অধীনত ভাৰতমালা, সাগৰমালা আৰু আভ্যন্তৰীণ জলপথ, বন্দৰ, উৰন আদিৰ দৰে আন্তঃগাথঁনিমূলক আঁচনি অন্তৰ্ভুক্ত কৰা হ’ব ।

দেশৰ সংযোগ ব্যৱস্থা অধিক উন্নত কৰিবলৈ আৰু আভ্যন্তৰীণ বেপাৰ-বাণিজ্যক অধিক প্ৰতিযোগিতামূলক কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী গতিশক্তিৰ অধীনত টেক্সটাইল ক্লাষ্টাৰ, প্ৰতিৰক্ষা কৰিড’ৰ, ইলেক্ট্ৰনিক পাৰ্ক, ঔদ্যোগিক কৰিড’ৰ, মাছ ধৰা গোট, কৃষি ক্ষেত্ৰ আৰু অন্যান্য অৰ্থনৈতিক কেন্দ্ৰসমূহকো সামৰি লোৱা হ’ব ।

তদুপৰি, এই ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে মাল্টি-মডেল সংযোগীকৰণ বৃদ্ধি কৰিব আৰু পৰিবহণৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যাত্ৰী, সা-সামগ্ৰী আৰু অন্যান্য সেৱাৰ চলাচলৰ ক্ষেত্ৰত একত্ৰিত আৰু অবিৰত সংযোগ প্ৰদান কৰিব । এই বৃহৎ পদক্ষেপে ভ্ৰমণৰ সময় আৰু লজিষ্টিক ব্যয় হ্ৰাস কৰিব, যোগান শৃংখলা উন্নত কৰিব আৰু বিশ্ব বজাৰত ভাৰতৰ স্থানীয় সামগ্ৰীসমূহৰ স্থিতি সুদৃঢ় কৰাতো শক্তিশালী ভূমিকা পালন কৰিব ।

আজিৰ এই উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নীতিয়ে কেনেদৰে ভাৰতক এক নতুন পৰিচয় প্ৰদান কৰিছে তাৰ ওপৰত আলোকপাত কৰে আৰু দেশখনক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তোলাৰ দিশত মোদীয়ে কিদৰে বলিষ্ঠ ৰূপত আগুৱাই লৈ গৈছে, সেই সন্দৰ্ভত বক্তব্য ৰাখে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে, ‘প্ৰধানমন্ত্ৰী গতিশক্তি কেৱল সংযোগীকৰণ বা একত্ৰিত প্ৰচেষ্টাই নহয়, দেশৰ সকলো ৰাজ্যক লগত লৈ ভাৰতক শক্তিশালী কৰাৰ বাবে এয়া এক বৃহৎ পদক্ষেপ ।’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত দেশবাসীয়ে প্ৰতিদিনে নতুন পৰিৱৰ্তন প্ৰত্যক্ষ কৰি আহিছে আৰু বিকাশক ওচৰৰ পৰা দেখিছে বুলিও কয় কেন্দ্ৰীয়মন্ত্ৰী সোণোৱালে ।

Exit mobile version