অসমৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এটি পৰম্পৰাগত উৎসৱ “সাউৰী খোৱা”৷ গ্ৰাম্য সমাজত খেৰীঘৰৰ চাল চিৰোৱা, হাল বোৱা, যিকোনো খেতি কৰাত ৰাইজে সমূহীয়াকৈ প্ৰত্যেকে প্ৰত্যেকক সহায়ৰ হাতৰ উজান দিয়ে ৷
বিশেষকৈ আঘোণৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ কাৰণে অসমীয়া গাঁৱলীয়া ৰাইজে (গাওঁখনৰ প্ৰত্যেক ঘৰৰ পৰা কমেও এজনকৈ সদস্যই) প্ৰত্যেক ঘৰৰ খেতি চপোৱাৰ লগতে মৰণা মৰাৰ কাম সমূহীভাবে কৰি গৃহস্থক সহায় দিয়াৰ এটি পৰম্পৰা আছিল ৷
য’ত নাই কোনোধৰণৰ ধনৰ লেনদেন, কৃত্ৰিমতা ৷ গৃহস্থই কামত আগ ভাগ লোৱা সকলোকে সোণগুটি চপোৱাৰ পাছত তৃপ্তিৰে এসাজ উদৰ পুৰাই খুৱাই লাভ কৰে পৰম সন্তুষ্টি ৷
বিশেষকৈ বুঢ়া কোমোৰাৰে বনোৱা হাঁহৰ মাংস , কাঠআলুৰ আঞ্জা, পুখুৰীৰ মাছৰ তৰকাৰী, ঔটেঙাৰ জোল অথবা অন্য আকৰ্ষণীয় ব্যঞ্জনৰে এসাজ খুৱাই কামৰ লগতে যি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হয় তাকেই “সাউৰী খোৱা” উৎসৱ বুলি কোৱা হয়৷
এই সাউৰী খোৱা উৎসৱৰ বিলুপ্তিৰ সময়তো কিন্তু মঙলদৈ ৰাজহ চক্ৰৰ অধীনৰ ডাঁহী মৌজাৰ অন্তৰ্গত কুমাৰপাৰা গাঁৱৰ ৰাইজে আজি গাওঁখনৰ শাঠেয়াঝাৰত ধানকটা সাউৰী খোৱা উৎসৱত অংশ লয় ৷
এই সাউৰী খোৱা কাৰ্যত ৫০ জনৰো অধিক লোকে অংশগ্ৰহণ কৰে৷ অকল আজিয়েই নহয় অনাগত দিনত পথাৰৰ ধান চপোৱাৰ লগতে মৰণা মাৰি ভড়ালত ধান জমা কৰালৈ এই উৎসৱ চলি থাকিব তেওঁলোকে জনায় ৷
আনহাতে ধান চপোৱা কাম শেষ হোৱাৰ লগে লগে গাওঁখনৰ ৰাইজে একেলগে ন-খোৱা উৎসৱৰো আয়োজন কৰিব বুলি ৷ উল্লেখযোগ্য যে মঙলদৈৰ বৃহত্তৰ ভকতপাৰা অঞ্চলত এতিয়াও উদ্ভাসিত হৈ আছে সাউৰী খোৱা পৰ্ব, য’ত মুনিহ-তিৰোতাই সমূহীয়াকৈ অংশগ্ৰহণ কৰে ৷