হত্যাকাণ্ডৰ ন্যায় বিচৰা ভুক্তভোগী পৰিয়ালক আৰক্ষী বিষয়াৰ তাচিল্য

মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট মছজিদ বা চিকিৎসকেহে দিব পাৰিব : আৰক্ষী বিষয়া

WhatsApp Image 2021 11 29 at 8.53.26 PM

বাগসাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাৰাপেটাত এমাহ পূৰ্বে ৰহম আলী নামৰ এজন লোক নিখোজ হৈ থকাৰ দুদিন পাছত এটা পুখুৰীত উদ্ধাৰ হৈছিল ব্যক্তিজনৰ মৃতদেহ ৷ উক্ত ঘটনাৰ পাছতে পৰিয়ালে স্থানীয় লাৱদাংগুৰী আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৷ তাৰ পাছতে পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰি উক্ত আৰক্ষী চকীত তিনিজন লোক হত্যাকাণ্ডটোৰ স’তে জড়িতৰ সন্দেহত এজাহাৰ দাখিল কৰিছিল ৷

একে গাঁৱৰে ৰুবুল আলী, ফিলি খাতুন আৰু ৰুহুল আলীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ৷ কিন্তু এমাহ উকলি যোৱাৰ পাছতো উক্ত ঘটনাৰ কোনো তদন্ত আগনবঢ়াত ক্ষোভ ব্যক্ত কৰে ভুক্তভোগীৰ পৰিয়ালটোৱে ৷ গোৱৰ্ধনা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ তালুকদাৰক পৰিয়ালে ফোনযোগে এই সংক্ৰান্তত জানিবলৈ বিচৰাত বিষয়াগৰাকীয়ে চালে-বেৰে কোবোৱা উত্তৰেৰে বিষয়টোৰ পৰা ফালৰি কটাৰ অভিযোগ উত্থাপন কৰে ৷ মছজিদলৈ গৈ বা ডাক্তৰৰ ওচৰলৈ গ’লেহে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টটো কেতিয়া পাব সেয়া জানিব পাৰিব বুলি ভুক্তভোগী পৰিয়ালক ফোনযোগে তাচিল্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে উচিত ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে উৰ্ধতন আৰক্ষী বিষয়াক সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ আহ্বান জনাইছে ।

Exit mobile version