International Flights : অ’মিক্রনক লৈ উদ্বেগ ! ১৫ ডিচেম্বৰৰ পৰা স্থগিত হ’ব আন্তর্জাতিক বিমান সেৱা

international flight

১৫ ডিচেম্বৰৰ পৰা স্থগিত হ’ব আন্তর্জাতিক বাণিজ্যিক বিমান সেৱা । অ’মিক্রনক লৈ উদ্বেগৰ ফলত কেন্দ্র‌ই সম্প্ৰতি সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে । পৰিস্থিতি পৰ্যবেক্ষণ কৰি এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব । মাত্র এসপ্তাহ আগতেই আন্তর্জাতিক বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল অসামৰিক বিমান সেৱা মন্ত্রণালয়ে ।

সম্প্ৰতি স্বাস্থ্য মন্ত্রণালয়ে তৈয়াৰ কৰা ‘বিপজ্জনক’ দেশসমূহৰ তালিকাত আছে ইংলেণ্ডসহ সমগ্ৰ ইউৰোপ, দক্ষিণ আফ্রিকা, ব্রাজিল, বৎছোয়ানা, চীন, মৰিছাছ, নিউজিলেণ্ড, জিম্বাবোৱে, ছিংগাপুৰ, হংকং আৰু ইজৰায়েল । এই দেশসমূহৰ পৰা আহিলে যাত্রীসকলে ক’ভিড পৰীক্ষা কৰা বাধ্যতামূলক ।

ভাৰতৰ পৰা অন্য দেশলৈ যোৱা বিমান সেৱা এতিয়াই আৰম্ভ কৰিব বিচৰা নাই কেন্দ্র‌ই । ডিৰেক্টৰ জেনেৰেল চিভিল এভিয়েছন (ডিজিচিএ) এটা জাননীত জনাইছে, ‘বিশ্বৰ সামগ্রিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু সংশ্লিষ্ট বিভাগসমূহৰ স’তে আলোচনা কৰিয়ে আন্তর্জাতিক বাণিজ্যিক বিমান সেৱা আৰম্ভ কৰাৰ বিষয়ত সিদ্ধান্ত লোৱা হ’ব ।’

অ’মিক্রন সন্দৰ্ভত উদ্বেগৰ ফলত ইতিমধ্যে নানা বিধিনিষেধ আৰম্ভ কৰিছে কেন্দ্র‌ই । ভাৰতলৈ অহা বিমানযাত্রীসকলক অৱতৰণ কৰাৰ লগে লগে আৰটিপিচিআৰ পৰীক্ষাৰ নির্দেশ দিয়া হৈছে । ইয়াৰ উপৰি, কেন্দ্র‌ই প্ৰস্তুত কৰা বিপজ্জনক তালিকাৰ বাহিৰত থকা দেশসমূহৰ পৰা ভাৰতলৈ অহা যাত্রীসকলৰ দুই শতাংশৰ কৰ’না পৰীক্ষা কৰা হ’ব ।

যোৱা ২৭ নৱেম্বৰত প্রধানমন্ত্রীয়ে সংশ্লিষ্ট বিষয়াসকলৰ স’তে এক বৈঠকত মিলিত হয় । তেওঁ সম্পূর্ণ পৰিস্থিতি বিবেচনা কৰি আন্তর্জাতিক বিমান সেৱা আৰম্ভ কৰাৰ বিষয়ত সিদ্ধান্ত ল’বলৈ কয় । সেই বৈঠকৰ পাছতেই ১৫ ডিচেম্বৰৰ পৰা সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত স্থগিত কৰে ডিজিচিএ-য়ে ।

Exit mobile version