ভাৰত চৰকাৰৰ শান্তি আলোচনাৰ বাবে আগ্ৰহী কে এল অ’ প্ৰধান জীৱন সিংহ

দীৰ্ঘদিনৰ পৰা নেৰানেপেৰাকৈ লাগি থকাৰ পাছত অৱশেষত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ জৰিয়তে ঐতিহাসিক স্বাধীন কমতাপুৰ গঠনৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰি অহা জীৱন সিংহ নেতৃত্বাধীন কমতাপুৰ লিবাৰেশন অৰগেনাইজেছন (KLO)ৰ স’তে ভাৰত চৰকাৰৰে শান্তি আলোচনালৈ এখোঁজ আগুৱাই অহাৰ খবৰে সমগ্ৰ কোচ ৰাজবংশী জনসাধাৰণক আনন্দিত কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ টুইটক কোচ ৰাজবংশী জাতীয় পৰিষদে উষ্ম আদৰণি জনাইছে ৷

চিৰাং জিলাৰ বিজনী জাৰ্ণেলিষ্ট ফ’ৰামৰ কাৰ্যালয়ত আজি এক সংবাদ মেলৰ জৰিয়তে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে প্ৰকাশ কৰে যে, কে এল অ’ৰ সেনাধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া শান্তি আলোচনালৈ আগ্ৰহ প্ৰকাশ কৰা বাবে আৰু শান্তি আলোচনাৰ বাট প্ৰশস্ত কৰা বাবে ভাৰত চৰকাৰৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কোচ ৰাজবংশী জাতীয় পৰিষদে ধন্যবাদ জনায় ৷

বিশ্বজিৎ ৰায়ে আশা প্ৰকাশ কৰে যে কে এল অ’ আৰু ভাৰত চৰকাৰৰ মাজত হ’বলগীয়া আকাংক্ষিত শান্তি আলোচনাই ভাৰত চৰকাৰ আৰু কমতাপুৰৰ মাজত থকা ৰাজনৈতিক সংঘাতৰ অৱসান হ’ব আৰু কোচ ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান হ’ব ৷

সংবাদমেলত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সহকাৰী সম্পাদক ভূপেন ৰায়, মাণিকপুৰ জিলা সমিতিৰ উপ-সভাপতি নিফুল ৰাজবংশী উপস্থিত থাকে ৷

Exit mobile version