Firing in Nagaland : নাগালেণ্ডত সেনাৰ গুলিত নিহত গাঁওবাসী, মন জিলাত বন্ধ কৰা হৈছে ইন্টাৰনেট, এছএমএছ সেৱা

1500x900 1258228 nagaland firing

নাগালেণ্ডত গাঁওবাসীৰ মৃত্যুৰ ঘটনাই উত্তেজনাৰ সৃষ্টি নকৰিবৰ বাবে মন জিলাত ইন্টাৰনেট আৰু এছএমএছ সেৱা বন্ধ ৰখাৰ নির্দেশে দিলে প্রশাসনে । ঘটনাটো কেন্দ্র কৰি ইতিমধ্যে ৰাজ্যজুৰি উত্তেজনাৰ সৃষ্টি হৈছে । সেই উত্তেজনা যাতে আৰু বৃদ্ধি নহয় তাৰ বাবেই এই নির্দেশ দিছে গৃহ কমিছনাৰ অভিজিৎ সিঙে ।

নির্দেশনা অনুসৰি, হোৱাটছ‌এপ্, ফেচবুকৰ মাধ্যমত যাতে ভুৱা খবৰ বা ছবি বিয়পি নপৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে । পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত এই সিদ্ধান্ত বাহাল থাকিব বুলি জনাইছে ।

শনিবাৰে সন্ধিয়া সন্ত্রাসবাদীসকলৰ সন্ধানত মন জিলাৰ অ’টিং গাঁৱত অভিযান চলায় অসম ৰাইফলছে । সেই সময়ত সেনা বাহিনীৰ গুলিত নিহত হয় ১৫ জন গাঁওবাসী । আৰক্ষীয়ে জনাইছে, এই ঘটনাত এজন জোৱানো নিহত হৈছে । সমগ্ৰ পৰিস্থিতিটোক লৈ জিলাজুৰি উত্তেজনাৰ সৃষ্টি হৈছে । এই উত্তেজনা যাতে বিয়পি নপৰে তাৰ বাবে প্রশাসনে ইন্টাৰনেট আৰু এছএমএছ সেৱা বন্ধৰ নির্দেশ দিছে । অৱশ্যে কেৱল অ’টিং জিলাতেই এই সিদ্ধান্ত জাৰি কৰা হৈছে । এই নির্দেশ অমান্যকাৰীক গ্রেপ্তাৰ কৰা হ’ব বুলিও জনোৱা হৈছে ।

ঘটনাটোক কেন্দ্র কৰি অ’টিং গাঁৱত যথেষ্ট উত্তেজনাৰ সৃষ্টি হৈছে । মুখ্যমন্ত্রীয়ে ইতিমধ্যেই এই গুলি চালনা ঘটনাৰ তদন্তত এটা বিশেষ দল গঠন কৰাৰ নির্দেশ দিছে ।

Exit mobile version