WhatsApp : গ্রুপ তৈয়াৰ নকৰাকৈ ২৫০ জনক একেলগে প্ৰেৰণ কৰিব পাৰিব মেছেজ, জানি লওক সহজ পদ্ধতি

whatsapp 1

সন্মুখত নৱবৰ্ষ । শুভেচ্ছা জনাব লাগিব বন্ধু বৰ্গক। এতিয়া শুভেচ্ছা প্ৰেৰণ কৰাৰ মুখ্য মাধ্যমে হৈছে হোৱাটছএপ। কিন্তু ইয়াত এটাই অসুবিধা আছে । হোৱাটছএপত এটা সময়ত পাঁচটাতকৈ অধিক মেছেজ প্ৰেৰণ কৰিব নোৱাৰি।লগতে পাঁচজনতকৈ অধিক ফৰৱাৰ্ড কৰিব নোৱাৰি ফটো, ভিডিঅ’।

পাঁচজন পাঁচজন কৈ ২৫০জনক মেছেজ প্ৰেৰণ কৰিব পাৰি ৫০ বাৰ । কিন্তু এনে কি কৰিব পৰা যায় ,য’ত একেবাৰে সকলোৰে ওচৰলৈ যাব মেছেজ,ফটো, ভিডিঅ’ !

যদি এই পদ্ধতিৰ কথা আপুনি জানে তেন্তে হোৱাটছএপৰ যোগেদি আপুনি ২৫০ জনক একে লগে মেছেজ প্ৰেৰণ কৰিব পাৰি।

পদ্ধতিত কোৱা হৈছে সৰ্বাধিক ২৫ জন লোকক এনেদৰে বাৰ্তা প্ৰেৰণ কৰিব পাৰি। ইয়াৰ বাবে কোনো গ্ৰুপ তৈয়াৰ কৰিব নালাগে। কিন্তু এটা প্ৰস্তুতিমূলক পৰ্যায় আছে।

হোৱাটছ‌এপৰ এই পদ্ধতিক ‘ব্রডকাষ্ট লিষ্ট’ বনোৱা বুলি কোৱা হয় । ইয়াৰ বাবে হোৱাটছ‌এপৰ চেট স্ক্রিনৰ ওপৰৰ তিনটা ডটত স্পৰ্শ কৰিব লাগিব । তাত ড্রপ ডাউনৰ পৰা বাছনি কৰি ল’ব লাগিব ‘নিউ ব্রডকাষ্ট’ অপছন ।

এইটো ক্লিক কৰিলেই ম’বাইলত ছেভ কৰা নম্বৰৰ তালিকা দেখা যাব । ইয়াৰ পৰা বাছি ল’ব লাগিব কাক কাক মেছেজ কৰিব । ইয়াত একবাৰতে ২৫৬টা নম্বৰ বাছি ল’ব পৰা যায় ।

এইবাৰ এটা এৰ’ চিহ্ন দেখা যাব । সেইটো ক্লিক কৰিলে ব্রডকাষ্ট গ্রুপ তৈয়াৰ হৈ যাব । ইয়াত মেছেজ প্ৰেৰণ কৰিলেই সকলোলৈ গুচি যাব ।

একলগে সকলোকে মেছেজ পঠালেও প্রাপকসকলে সেইটো গ’ম নাপাব । প্রত্যেকেই ব্যক্তিগতভাৱে মেছেজ লাভ কৰিব । এনে ২৫৬ জনৰ বহু গ্রুপ প্ৰস্তুত কৰিব পাৰি । য’ত এটা এটাকৈ মেছেজ কৰিলেই বহুজনৰ তাত মুহূর্ততে গুচি যাব বার্তা ।

Exit mobile version