পাঠশালাৰ পৰা জিণ্টুল তালুকদাৰ ৮ ডিচেম্বৰঃ সংযুক্ত ৰাষ্ট্ৰসংঘই উদ্বেগেৰে লক্ষ্য কৰিছে যে পৃথিৱীখনত নাৰী নিৰ্যাতন আৰু নিগ্ৰহৰ ঘটনা প্ৰতিনিয়ত বৃদ্ধি হৈ গৈ আছে ।
এনে প্ৰেক্ষাপটত সংযুক্ত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা পষেক জোৰা কাৰ্যসূচীৰ জৰিয়তে ব্যাপক ৰূপত জন সজাগতা অনাৰ প্ৰয়াস কৰা হৈছে । উক্ত কাৰ্যসূচীৰ অংশ হিচাপে বজালী সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ে আয়োজন কৰা এক সজাগতা সভাত আজি বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ওপৰোক্ত ধৰণে মন্তব্য প্ৰকাশ কৰে ।
উপায়ুক্ত দেব চৌধুৰীয়ে আৰু কয় যে নিৰ্যাতনৰ ঘটনা বৃদ্ধিৰ প্ৰাবল্যই সমাজৰ সচেতন আৰু শুভচিন্তক সকলক আচোৰি যায় । আমাৰ অসমতো এনে ঘটনা মাজে সময়ে হৈ থাকে ।
উদ্বেগজনক ভাবে হৈ থকা এই ঘটনাবোৰে আমাক ব্যথিত কৰি তোলে । আমি হতচকিত হওঁ । সৰ্বদিশৰ দ্বাৰা গৌৰৱ সমৃদ্ধ অসমত এনে ঘটনাৱলী নিৰ্মুল কৰাৰ বাবে সকলোৱে তৎপৰ হ’ব লাগিব । সতৰ্ক হব লাগিব ।
প্ৰসঙ্গ ক্ৰমে তেওঁ এই কথাও কয় যে নাৰী নিৰ্যাতন বিৰোধী আন্দোলনৰ নেতৃত্ব পুৰুষেই দিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে পুৰুষ আগুৱাই আহিব লাগিব ।
পাঠশালাৰ আজাদ ভৱনত আয়োজিত আৰু বজালীৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কানন তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাত উপায়ুক্তই আৰু কয় যে শিক্ষাৰ উদ্দেশ্য হ’ব লাগে লিংগ সমতা সুনিশ্চিত কৰাটো ।
উল্লেখ্য এই উদ্দেশ্যত উলিওৱা শোভাযত্ৰাৰ ফ্লেগ অফ কৰে উপায়ুক্ত দেৱ চৌধুৰীয়ে । আজাদ ভৱনৰ পৰা পাঠশালা চহৰৰ মাজেৰে উলিওৱা নাৰী নিৰ্যাতন বিৰোধী সমদলত নাৰী শক্তিকেন্দ্ৰৰ সদস্যা , স্বেচ্ছাসেৱক , অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকল , পোষণৰ কৰ্মচাৰী সকলে ভাগ লোৱাৰ উপৰিও উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী উপস্থিত থাকে যি সমদলত উপায়ুক্তই আছিল একমাত্ৰ পুৰুষ ।
তেওঁ ভাষণত পুৰুষক এই দিশত আগভাগ লবলৈ অকল কোৱাই নহয় ; শোভাযাত্ৰাত মহিলা সকলৰ সতে তেওঁ খোজ কাঢ়ি কাৰ্যসূচী সফল কৰি তোলাত মহিলা সকলক উৎসাহ যোগায় ।