Farmer’s Protest : আন্দোলন প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰ‌ই নতুন প্ৰস্তাৱ দিলে কৃষকসকলক

211007 india protest 1341

নতুন দিল্লীত আন্দোলনৰত কৃষকসকলক বুধবাৰে নতুন প্রস্তাৱ দিলে কেন্দ্রীয় চৰকাৰে । নতুন প্রস্তাৱ অনুসৰি, আন্দোলনকাৰীসকলৰ বিৰুদ্ধে সমস্ত গোচৰ প্রত্যাহাৰ কৰা হ’ব । কেন্দ্রীয় চৰকাৰৰ এই নতুন প্রস্তাৱত কৃষক নেতৃত্বসকলে সন্মতি জনাব নে নাই তাক লৈ জল্পনা আৰম্ভ হৈছে ।

মঙলবাৰে আন্দোলনকাৰী কৃষকসকলক দিয়া প্রস্তাৱত কেন্দ্রীয় চৰকাৰে শস্যৰ ন্যূনতম সমৰ্থিত মূল্যৰ বাবে কমিটী গঠনৰ আশ্বাস দিয়া হৈছিল । কৃষকসকলে দাবী কৰা বিষয়সমূহৰ ভিতৰত অন্যতম, সম্প্রতি বাতিল হোৱা কৃষি আইনক লৈ কৰা বিক্ষোভৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে যি গোচৰ ৰুজু হৈছিল সেয়া প্রত্যাহাৰ কৰিব লাগিব । ইয়াৰ উপৰি নৰা জ্বলালে কৃষকসকলক শাস্তি প্রদানৰ আইনো বাতিল কৰিব লাগিব ।

সূত্রৰ খবৰ, মঙলবাৰে এই বিষয়ক লৈ কেন্দ্ৰ‌ই তুলাধুনা কৰে যদিও ২৪ ঘণ্টাৰ ভিতৰত বুধবাৰে সেই দাবী মানি ল’বলৈ বাধ্য হয় । কেন্দ্রীয় চৰকাৰৰ তৰফৰ পৰা এটা প্রস্তাৱ প্ৰেৰণ কৰা হৈছে বুলিও জনাইছে সংযুক্ত কিষাণ মোর্চাৰ পাঁচ সদস্যৰ কমিটীৰ অন্যতম সদস্য অশোক ধাবালে । আন্দোলন চলাকালীন নিহত কৃষকসকলৰ পৰিয়ালক আর্থিক সাহায্য প্ৰদানৰ দাবীও উত্থাপিত কৰে কৃষকসকলে । তেওঁলোকৰ মতে, এই পর্যন্ত প্রায় সাতশ কৃষকৰ মৃত্যু হৈছে । লগতে নতুন বিদ্যুৎ আইন সংশোধনী বিল প্রত্যাহাৰৰ দাবীও উত্থাপন কৰিছে কৃষকসকলে ।

কেন্দ্রৰ নতুন প্রস্তাৱক লৈ আলোচনা কৰিছে সংযুক্ত কিষাণ মোর্চাই । আলোচনাৰ শেষত তেওঁলোকে সিংঘু সীমান্তৰ আন্দোলনৰ পৰৱর্তী পৰিস্থিতিৰ বুজ লৈ সিদ্ধান্ত ঘোষণা কৰিব বুলি জনায় । এই ক্ষেত্রত ১৫ মাহ ধৰি চলা এই কৃষক আন্দোলনৰ পৰিণতি কি হ’ব তাক লৈও সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তেওঁলোকে ।

Exit mobile version