দিল্লীৰ ৰোহিণী আদালতত বৃহস্পতিবাৰে পুৱা এটা বিস্ফোৰণৰ দৰে শব্দ শুনা যায় । দিল্লীৰ অগ্নিনির্বাপক বাহিনী এই তথ্য জনাইছে । বিস্ফোৰণৰ তীব্র শব্দ আৰু আকস্মিকতাত আতংকৰ সৃষ্টি হয় ন্যায়ালয় চৌহদত । ঘটনাস্থলত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ সাতটা ইঞ্জিন ।
পাছত সংবাদ সূত্ৰে খবৰ, আদালতৰ চৌহদত এটা লেপটপ ফটাৰ বাবে সম্ভৱত এই বিস্ফোৰণ ঘটিছে । প্রাথমিক তদন্তৰ ৰিপ’র্টত এই কথা জানিব পৰা গৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে জনাইছে, বিষয়টোৰ তদন্ত কৰা হৈছে । এতিয়াই নিশ্চিতভাৱে একো ক’ব নোৱাৰি ।
আজি পুৱা ১০:৪০ বজাত এই বিস্ফোৰণ ঘটে । সেই সময়ত আদালতৰ দৈনন্দিন কাম আৰম্ভ হৈ গৈছিল । হঠাৎ বিস্ফোৰণৰ শব্দত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । মাজ ভাগতে বন্ধ হৈ যায় শুনানি । খবৰ লাভ কৰিয়েই ঘটনাস্থললৈ প্ৰেৰণ কৰা হয় অগ্নিনিৰ্বাপক বাহিনীৰ সাতটা ইঞ্জিন ।
দিল্লীৰ ৰোহিণী আদালতত এনে বিস্ফোৰণৰ ঘটনা আগতেও হৈছে । গেংষ্টাৰৰ দুপক্ষৰ গুলিয়াগুলিত আদালত চৌহদতেই নিহত হৈছিল এজন গেংষ্টাৰ আৰু তেওঁৰ সংগী । বৃহস্পতিবাৰৰ ঘটনাত সেয়ে দ্রুত সতর্ক হয় আৰক্ষী ।