ৰাজ্যৰ সেউজ বিপ্লৱৰ নেতৃত্ব ল’ব লাগিব মাজুলীৰ যুৱ কৃষকে : অতুল বৰা

a60557db 7595 4ea5 a4f5 0a80f7fee115

প্রকৃতিৰ অকৃপণ দানেৰে ভৰপূৰ মাজুলী। মাজুলীৰ সাৰুৱা, উর্বৰ ভূমিক কেন্দ্র কৰিয়েই ৰাজ্যখনৰ সেউজ বিপ্লৱৰ নেতৃত্ব ল’বলৈ আগবাঢ়ি আহিব লাগিব মাজুলীৰ যুৱ কৃষকে।আজি মাজুলীৰ বিভিন্ন অঞ্চলৰ পথাৰ পৰিভ্ৰমণ কৰি এইদৰে মন্তব্য কৰে ৰাজ্যৰ কৃষি মন্ত্রী অতুল বৰাই।

মাজুলীৰ ভকত চাপৰি অঞ্চলৰ নতুন বকুৰা গাঁৱত উপস্থিত হৈ কৃষি মন্ত্রী বৰাই অসম কৃষি আৰু গ্ৰাম্য ৰূপান্তৰ প্রকল্পৰ অধীনত ৬৫খন গাঁও সামৰি ৰূপায়ণ কৰা সৰিয়হ খেতি পৰিদৰ্শন কৰে।

মাজুলী ৰিভাৰ বেংক কৃষক উৎপাদক কোম্পানী লিমিটেড নামৰ সংস্থাটোৱে স্থানীয় কৃষকসকলৰ জৰিয়তে কৰা পুছা মাহেক-২৮ জাতৰ সৰিয়হ খেতি পৰিদৰ্শন কৰাৰ পাছত স্থানীয় কৃষকৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী বৰাই কয় যে, ৰাজ্যখনৰ যুৱ শক্তিয়ে কৃষিৰ মাজেৰেই আজি আত্মসংস্থাপনৰ পথ মুকলি কৰিবলৈ আগবাঢ়ি আহিছে আৰু অসমৰ বাবে এয়া শুভ সংবাদ।

২০২২ চনত কৃষকৰ আয় দুগুণ কৰাৰ বাবে প্রধান মন্ত্রী নৰেন্দ্ৰ মােদীয়ে জনােৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষি বিভাগে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষিখণ্ডৰ বিকাশৰ জৰিয়তে ৰাজ্যখনক দেশৰ পাঁচখন অগ্রণী ৰাজ্যৰ এখন হিচাপে প্রতিষ্ঠা কৰাত গুৰুত্ব আৰােপ কৰিছে।

ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ লগতে ৰাজ্য চৰকাৰৰ কৃষক কল্যাণকামী আঁচনিও ৰূপায়ণ কৰি থকা হৈছে। মন্ত্রী বৰাই কয় যে, পূর্বতে মাজুলীয়ে ৭০ হেজাৰ কুইণ্টলৰ অধিক সৰিয়হ উৎপাদন কৰিছিল আৰু এইবাৰ জিলাখনে সৰিয়হৰ উৎপাদনৰ ক্ষেত্ৰত পূর্ব অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব।

পশুপালন বিভাগৰ মন্ত্ৰী বৰাই আজি জিলাখনৰ উপায়ুক্তৰ সভাকক্ষত বিভিন্ন বিভাগৰ এখন পর্যালােচনা সভাত ভাগ লৈ চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়।

মাজুলীৰ মুঠ ১৪১ খন ৰাজহ গাঁৱৰ প্ৰতিখনৰে একোটাকৈ কৃষক গােটক মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনাৰ অধীনত একোখনকৈ ট্রেক্টৰ প্ৰদান কৰি জিলাখনত ট্ৰেক্টৰ বিতৰণৰ ১০০ শতাংশ লক্ষ্যত উপনীত হােৱা কাৰ্যৰ তেওঁ শলাগ লয়।

মন্ত্রী বৰাই আজি জিলাখনৰ ছখন অ-ৰাজহ গাঁৱৰ কৃষক গােটৰ মাজত একোখনকৈ ট্রেক্টৰৰ বিতৰণ কৰে। কৃষি মন্ত্রীগৰাকীৰ আজিৰ এই ভ্ৰমণত জিলাখনৰ উপায়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক গৌতম বৰা আৰু সংশ্লিষ্ট বিভাগসমূহৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Exit mobile version