COVID Children : কেৱল ছেপ্টেম্বৰতে ২১লাখ, আমেৰিকাত ক’ভিডত আক্রান্ত ৭২ লাখ শিশু

file 20201007 22 lql17v

ক’ভিড সংক্ৰমণৰ আৰম্ভণিৰ পৰা এই পৰ্যন্ত প্ৰায় ৭২ লাখ শিশু আক্ৰান্ত হৈছে এই অতিমাৰীত । সোমবাৰে এক সমীক্ষাত এই কথা জনাইছে আমেৰিকান একাডেমী অৱ পেডিয়াট্ৰিক্স (এএপি) আৰু শিশু চিকিৎসালয় সংস্থা (চিএইচএ)য়ে ।

এএপি আৰু চিএইচৰ এক সমীক্ষাত কোৱা হৈছে যে ন ডিচেম্বৰ লৈকে ৭১ লাখ ৯৬ হেজাৰ ৯০১জন শিশু ক’ভিডত আক্ৰান্ত হৈছে । দেশত যিমান শতাংশ ক’ভিড আক্ৰান্ত হৈছে তাৰ ভিতৰত ১৭.২ শতাংশই শিশু । প্ৰতি এক লাখ শিশুৰ ভিতৰত ন হেজাৰ ৫৬২ জন আক্ৰান্ত হৈছে ।

বিগত সপ্তাহতে, এক লাখ ৬৪ হেজাৰ শিশু ক’ভিডত আক্ৰান্ত বুলি ধৰা পৰিছে । দেখা গৈছে যে এই ক্ষেত্ৰত ২৪ শতাংশ সংক্ৰমণ বৃদ্ধি পাইছে ।

সমীক্ষা অনুসৰি, আমেৰিকাত একেৰাহে ১৮ সপ্তাহ ধৰি এক লাখৰো অধিক শিশু সংক্ৰমিত হৈছে । কেৱল ছেপ্টেম্বৰত ২১ লাখ শিশু সংক্ৰমিত হৈছিল ।

শিশুসকল ক’ভিডত গুৰুতৰভাৱে আক্ৰান্ত হৈছে, তেনে বিষয় এই পর্যন্ত খুব এটা দেখা নাই বুলি দাবী এএপি-ৰ । অৱশ্যে, এ.পি.-য়ে কয় যে শিশুৰ স্বাস্থ্যৰ ওপৰত ক’ভিডৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ ওপৰত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলি আছে।

Exit mobile version