দৈন্দিন খাদ্য সম্ভাৰ প্রস্তুত কৰােতে যিবােৰ দাইল অন্তর্ভুক্ত কৰা হয় । সেইবোৰৰ ভিতৰত অন্যতম হ’ল মচুৰ। এইবিধ দাইল কিছুমানে পিচি লৈ ‘বতা’ হিচাপে খায়।
পিছে দাইলবিধ ৰন্ধাৰ পূর্বেই হওক বা পিচিবলৈয়ে হওক প্রথমতে কিছুসময় পানীত তিয়াই থয়। কিছুসময় পানীত তিয়াই থলে ভালদৰে ফুলি উঠে। যদিহে ৩০ মিনিটৰ পৰা এঘণ্টা তিয়াই ৰখা হয় তেতিয়া ইয়াৰ গুণাগুণ ভালেখিনি বৃদ্ধি পায়।
হার্ভৰ্ডৰ টি এইছ চান স্কুল অৱ পাব্লিক হেলথৰ গৱেষকসকলে এই ক্ষেত্ৰত কিছু নতুন তথ্য লাভ কৰিছে। মচুৰ দাইলত ফাইটেজ নামৰ এবিধ এনজাইম থাকে।
যেতিয়া দাইল পানীত তিয়াই থয় তেতিয়াই অধিক সক্রিয় হয়। তেতিয়া ইয়ে ফাইটিক এচিডক ভাঙিব পাৰে। ফলত কেলছিয়াম, জিংক আৰু আয়ৰণৰ বন্ধন শক্তিশালী হয়।
শৰীৰে এইবােৰ দ্রুতগতি গ্রহণ আৰু হজমাে কৰিব পাৰে। কিছুমানে মচুৰ দাইল খালে গেছৰ সমস্যাত আক্রান্ত হয়। তিয়াই থ’লে এনে সমস্যাৰ পৰা হাত সাৰিব পাৰি। প্ৰায়ভাগ দাইলতে এলিগােচেকাৰাইডছ নামৰ এবিধ যৌগ থাকে। ই হ’ল এবিধ জটিল শর্ক।
পানীত কিছু সময় তিয়াই থ’লে ইয়াৰ গুণাগুণ অর্থাৎ শৰ্কৰা আদিৰ শক্তি বহুপৰিমাণে হ্রাস পায়। প্ৰ’টিন আদিৰ পৰিমাণ বেছি থাকে।
সেই বাবে প্ৰায়ভাগ লােকে এইবিধ দাইল খায় ভাল পায় পুষ্টি লাভৰ বাবে। যিসকল নিৰামিষভােজী আছে তেওঁলােকে মচুৰ দাইল আদি নিয়মীয়াকৈ খােৱা উচিত।