কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ৰমনী আশ্ৰমত মানৱ সেৱা সংঘ নামৰ এক স্বেচ্ছা সেবী সংগঠনে আজি দৰিদ্ৰ লোকসকলৰ মাজত কম্বল বিতৰন কৰে ।
ADVERTISEMENT
উক্ত অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি বিৰ্খাং বড়ো ৰ লগতে সাধাৰন সম্পাদক নৰোত্তম ৰায়ৰ উপৰিও ললিত ৰায়ৰ লগতে স্থানীয় সমাজ সেৱক সকলো উপস্থিত থাকে ।
আজিৰ অনুষ্ঠানতে ৩৬ খন গাঁওৰ দৰিদ্ৰলোকসকলৰ মাজত কম্বল বিতৰন কৰে বুলি সম্পাদক নৰোত্তম ৰায়ে সংবাদ মাধ্যমত আগত প্ৰকাশ কৰে ।
ৰমনী আশ্ৰম অঞ্চলত অনাগত দিনত এম্বুলেঞ্চ সেৱাও স্বেচ্ছা সেবী সংগঠনটোৱে ব্যৱস্থা কৰিব বুলিও আজিৰ কম্বল বিতৰন সভাতেই সদৰী কৰে ।