পৰিভ্ৰমী পক্ষীৰ প্ৰিয় হাঁহিলা বিললৈ ভাবুকি ‌

ৰাষ্ট্ৰপতিৰ নিৰ্দেশকো আওকাণ কৰি পেলাই থ'লে প্ৰকল্পৰ কাম, বিনষ্ট হৈছে পৰিৱেশ

shutterstock 1023030238

নগাঁও চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগৰ শস্যে-মৎসে নদন-বদন জলাহ গাঁৱৰ সমীপত অৱস্থিত এখন প্ৰকাণ্ড বিল । নাম হাঁহিলা বিল । বিভিন্ন প্ৰজাতিৰ থলুৱা চৰাই, থলুৱা মাছ, বিভিন্ন সৰিসৃপ আদিৰ বাসস্থান এই হাঁহিলা বিল শেহতীয়াভাৱে একাংশ লোকৰ বাবেই কিছু ভাবুকিৰ সম্মুখীন হ’বলগীয়া হৈছে । ইপিনে, শীতৰ‌ আগমনৰ লগে লগেই এই হাঁহিলা বিললৈ আহে জাকে জাকে দেশী-বিদেশী পৰিভ্ৰমী পক্ষী ।

হেজাৰ দেশী-বিদেশী শীতৰ অতিথি পক্ষীৰ কলৰৱত মুখৰিত হৈ থাকে বিলখন । এই বিলখন সংৰক্ষণ কৰিবৰ বাবে বহু বছৰ ধৰি বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে আজিকোপতি বিষয়টোক বিশেষ গুৰুত্ব প্ৰদান কৰা নাই । এই বিলখন বিভিন্ন প্ৰজাতিৰ বিলুপ্তিপ্ৰায় থলুৱা মাছ, কাছ, অজগৰ সাপ আৰু বিভিন্ন মূল্যবান জলজ উদ্ভিদেৰে পৰিপূৰ্ণ । তদুপৰি দুষ্প্ৰাপ্য কাম চৰাইৰো বিচৰণস্থলী এই বিলখন ।

প্ৰায় এহেজাৰ বিঘা মাটিৰে আবৰি থকা এই বিলখনৰ প্ৰাকৃতিক দৃশ্য‌ও অতি মনোৰম । শীতকালত বিভিন্ন পৰিভ্ৰমী চৰাইৰে মুখৰিত হৈ থকা হাঁহিলা বিল সম্প্ৰতি একাংশ আত্মসহায়ক গোটৰ লগতে সমীপৱৰ্তী কিছু লোকে একাংশ ভূমি দখল কৰি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । এই বিলখনত একাংশ লোকে বিভিন্ন পক্ষী নিধন কৰাৰ লগতে মাছ, কাছকে ধৰি বিলখনৰ জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই আনিছে ।

উল্লেখ্য যে বিগত ২০০৫ত নগাঁও জিলাৰ তদানীন্তন উপায়ুক্ত ডাঃ জে বি এক্কাই কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূব মন্ত্ৰণালয়ৰ সচিব প্ৰধানলৈ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হাঁহিলা বিলক ‘নেচনেল বায়’লজিকেল গাৰ্ডেন কাম টুৰিষ্ট চেণ্টাৰ’ৰূপে স্বীকৃতি প্ৰদান কৰি অৰ্থ-সাহায্য দিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল । ২০০৫ৰ ২৮ মাৰ্চত তেতিয়াৰ ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে হাঁহিলা বিল সংৰক্ষণ কৰাৰ বাবে নগাঁৱৰ উপায়ুক্তক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছিল । ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ সচিব আৰ কে দাসে ৰাষ্ট্ৰপতিৰ হৈ ৫/আৰ চেল/২০০৫/২৮ মাৰ্চ মৰ্মে প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত নগাঁৱৰ তদানীন্তন উপায়ুক্ত‌ই এই সন্দৰ্ভত প্ৰস্তুতি চলাইছিল যদিও ৰহস্যজনক কাৰণত সেয়া হৈ নুঠিল ।

উল্লেখ্য যে শীতকালৰ সময়ত বসন্তকাললৈকে ৰাজ্যৰ বিভিন্ন বনভোজ দলে বিলখনত ভিৰ কৰি উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে । মাজে সময়ে বিদেশী পৰ্যটকো আহে । শেহতীয়াভাৱে বিলখনৰ কাষত ৰিজ’ৰ্ট খোলা হৈছে । ৰিজ’ৰ্টে কিছু পৰিৱেশ বিনষ্ট কৰিছে বুলি একাংশ লোকে অভিযোগ কৰিছে । জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ এই বিলখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰূপে গঢ়ি তোলাৰ অপাৰ সম্ভাৱনা আছে ।

নগাঁও জিলাৰ উত্তৰ-পূৱ দিশত অৱস্থিত ননৈৰ নিচেই গাতে লাগি থকা এই হাঁহিলা বিলত সততে প্ৰত্যক্ষ কৰা পশু-পক্ষীসমূহৰ অন্যতম ৰামকোম, দেওহাঁহ, শৰালি হাঁহ, বৰটোকোলা, শামুকভঙা, কামচৰাই, পানীকাউৰী, বগলী, চিলনী, কণামুছৰি,ডৰিক, চুতীয়া শালিকা, তেলডুবি, শালিকা, টুনী, ভুৰুং, বালিমাহী, কুলি, কুকুহা, ফেঁচা, কপৌ, হাইঠা, হেতুলিকা, কেতেকী আদিৰ লগতে বৰকাছ, অজগৰ, ৰজা ফেঁটী, উদ, কুচীয়া, শাল, কেঁকোসাপ, গোৱালা সাপ, বাদুলি, অগণন সৰু-বৰ মাছ, কেঁকোৰা, পানীপৰুৱা, জিঁঞা, জোনাকী পৰুৱা, পখিলা ইত্যাদি ।

আনহাতে, ইয়াৰ উদ্ভিদ সম্পদবোৰ হ’ল পদুম, ভেঁট, বগা কচু, কলমৌ, মেটেকা, কাঁইটীয়া ফুলগছ, দলঘাঁহ, শিঙৰী, তৰা, নানান জলজ উদ্ভিদ আৰু তৃণ । এই হাঁহিলা বিলত বিশাল বট, বৰগছ, শিমলু, আজাৰ, আঁহত, আম, ডিমৰু আদি গছ আছে । তাৎপৰ্যপূৰ্ণ কথা যে চৰকাৰে হাঁহিলা বিলখনক পক্ষী অভয়াৰণ্য বুলি ঘোষণা কৰিবলৈ প্ৰকল্প হাতত লৈছে যদিও এতিয়া সেই বিষয়ে দল-সংগঠন, প্ৰকৃতিপ্ৰেমীৰ লগতে ইয়াৰ সংৰক্ষণৰ লগত জড়িত এনজিঅ’ আদি অৱগত নহয় ।

এটা কথা মন কৰিবলগীয়া যে হাঁহিলা বিলৰ চাৰিসীমাত বসবাস কৰা লোকসকলেও হাঁহিলা বিলৰ যি ভৌগোলিক অৱস্থিতি, কৃষি কাৰ্য‌ই হ‌ওক বা অন্য দিশেৰেই হ‌ওক বিপদ চপাই আনিছে । অথচ তেওঁলোকৰ পূৰ্বজসকলে হাঁহিলা বিলৰ জৈৱ বৈচিত্ৰ্যৰ একবিন্দুও হীন-দেঢ়ি নোহোৱাকৈ সহাৱস্থান কৰিছিল । হাঁহিলা বিলৰ বৰ্তমানে থকা বনজ সম্পদ আৰু প্ৰাণী সম্পদৰ লগতে পৰিভ্ৰমী চৰাইৰ এক সঠিক জৰীপ কৰাটো প্ৰয়োজন বুলিও প্ৰকৃতিপ্ৰেমীসকলে মন্তব্য কৰিছে ।

Exit mobile version