জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰণয়নৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেচন অসমৰ

WhatsApp Image 2021 12 23 at 7.29.15 PM

দেশত দেখা দিয়া সকলো সমস্যাৰ মূল কাৰণ জনবিষ্ফোৰণ । দেশৰ সুৰক্ষা, পাৰিপাৰ্শ্বিকতা ৰক্ষা, প্ৰগতি আদিৰ বাবে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ অতি প্ৰয়োজন । এই মন্তব্য জনসংখ্যা সমাধান ফাউণ্ডেচন অসমৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ ।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি দেশত জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ প্ৰয়োজনীয়তা কিমান সেই সম্পৰ্কত উল্লেখ কৰি তেওঁ এইদৰে কয় । তেওঁ পুনৰ কয়, ‘স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমাৰ দেশত এখন জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ কৰা নহ’ল । ভোট বেংক শক্তিশালী কৰাৰ স্বাৰ্থত চৰকাৰ আৰু ৰাজনৈতিক দল সমূহে দেশৰ নিৰাপত্তাক অবহেলা কৰি আহিছে ।’

জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ সপক্ষে ৰাইজৰ মাজত সচেতনতা বঢ়াবলৈ জনসংখ্যা সমাধান ফাউণ্ডেচনে (জেএছএফ) সমগ্ৰ দেশত সেৱা আগবঢ়াই আছে । উত্তৰ প্ৰদেশতো এনে সজাগতা অভিযান চলোৱা হৈছে । দুৰ্ভাগ্যজনকভাৱে এনে সজাগতা অনুষ্ঠানত অংশগ্ৰহণ কৰা জেএছএফৰ ৰাষ্ট্ৰীয় সভাপতি অনিল চৌধুৰীৰ ৰথ তথা বাহনত, গাজীপুৰ অঞ্চলত সমাজবাদী পাৰ্টীৰ সমৰ্থকসকলে শিলাবৰ্ষণ কৰে আৰু ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীক আঘাতপ্ৰাপ্ত কৰে । তেওঁৰ লগতে অন্য বহু সংখ্যক লোকো আহত হয় ।

তেওঁ লগতে কয়, ‘জেএছএফৰ উদ্দেশ্যত ৰাজনীতি নাই, আছে কেৱল ৰাষ্ট্ৰনীতি, নিজৰ ৰাজ্যখনক জনবিষ্ফোৰণৰ কুপ্ৰভাৱৰ পৰা বচোৱাৰ নীতি ।’

জেএছএফ অসমে উত্তৰ প্ৰদেশৰ এনে অগণতান্ত্ৰীক ঘটনাক ধিক্কাৰ দিয়ে আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী তোলে । লগতে তেওঁ জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোকে ৰাজনীতিৰ উৰ্দ্ধত থাকি এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ হকে দাবী তুলিবলৈ আহবান জনায় ।

Exit mobile version