বিশিষ্ট শিক্ষাবিদ তথা কোচৰাজবংশী জাতিৰ মেৰুদণ্ডস্বৰূপ কৃষ্ণ মোহন অধিকাৰীৰ দেহাৱসান

শক্তিআশ্ৰমত শোকাকুল পৰিৱেশ

SquareArt

কোকৰাঝাৰ জিলাৰ শক্তিআশ্ৰম খুকচীৰ বাসিন্দা বিশিষ্ট শিক্ষাবিদ, লেখক, কোচৰাজবংশী জনগোষ্ঠীৰ মেৰুদণ্ডস্বৰূপ কৃষ্ণ মোহন অধিকাৰীৰ কালি নিশা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে । শিক্ষাবিদজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

আজি ৰাতিপুৱা মৃত্যুৰ খবৰটো বিয়পি পৰাৰ লগে লগে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ লগতে অসংখ্য গুনমুগ্ধই কৃষ্ণ মোহন অধিকাৰীৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে ।

ইপিনে, শক্তি আশ্ৰম বজাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ ৰাখি শেষ শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ উপৰিও কোচৰাজবংশী সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত অধিকাৰীৰ নশ্বৰ দেহক এক সমদলৰ মাধ্যমে লৈ আহি এক মিনিট মৌনতা পালন কৰে আৰু কোচৰাজবংশী সাহিত্যসভাৰ পতাকা তিনিদিন অৰ্ধ নমিত কৰি ৰখাৰ সিদ্ধান্ত লয় সাহিত্য সভাই । ইয়াৰ লগতে শক্তিআশ্ৰমস্থ আক্ৰাছুৰ কাৰ্যালয়, স্বামী যোগানন্দগিৰি মহাবিদ্যালয়ৰ উপৰিও শক্তিআশ্ৰম উচ্চ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়তো শেষ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে শিক্ষাবিদজনৰ নশ্বৰ দেহত ।

শ্ৰদ্ধাঞ্জলী নিবেদন কৰি কোচৰাজবংশী সাহিত্যসভাৰ সাধাৰণ সম্পাদক কমল কুমাৰ বৰ্মনে কয় যে কৃষ্ণ মোহন অধিকাৰীৰ মৃত্যুত কোচৰাজবংশী জাতিৰ অপুৰনীয় ক্ষতি হ’ল । কোচৰাজবংশী জাতি-জনগোষ্ঠীয়ে এজন অভিভাৱকক হেৰুৱালে । সেই অধিকাৰীৰ স্মৃতি ৰক্ষাৰ্থে আদ্যশ্ৰাদ্ধৰ দিনতে স্মৃতি ৰক্ষাৰ্থে এখন স্মৃতি গ্ৰন্থও ছপা কৰাৰ বাবে ৰঘুনাথ চৌধুৰীক মুখ্য সম্পাদক, বিজয় বৈষ্ণৱ, জাহাংগীৰ হুচেইন, মনিন্দ্ৰ দাসলৈ এখন স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিও গঠন কৰে ।

আক্ৰাছুৰ কাৰ্যালয়ত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত কেএছিৰ ইএম কৰ্মেশ্বৰ ৰায়ৰ লগতে আক্ৰাছু কৰ্মকৰ্তা, চিলাৰায় সেনা, কোচৰাজবংশী মহিলা সমিতি, শংকৰদেৱ শিশু নিকেতন শিক্ষক-শিক্ষয়ত্ৰী সকলেও জাতীয় গামোচা, পুষ্পাঞ্জলী অৰ্পন কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে ।

Exit mobile version